অসম

assam

ETV Bharat / state

সভালৈ আহি কিয় খং উঠিল বিধায়ক অশোক সিংঘীৰ ! - অংগনবাডী কৰ্মী সহায়িকা

সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক অশোক সিংঘী ৷ কিন্তু সভাত অংশ গ্ৰহণ কৰি হঠাৎ ক্ৰোধান্বিত হৈ পৰে  বিধায়কগৰাকী ৷

বিলাসীপাৰাৰ সভাত ভাগ লৈ ক্ষোভিত অশোক কুমাৰ সিংহী!

By

Published : Sep 19, 2019, 10:11 PM IST

ধুবুৰী, 19 চেপ্টেম্বৰ : বিলাসীপাৰাত পোষণ মাহ কাৰ্যসূচীত দুৰ্নীতি ৷ বৃহস্পতি বাৰে বিলাসীপাৰা চহৰত অনুষ্ঠিত হয় পোষণ মাহ শীৰ্ষক এখন সভা ৷ সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক অশোক সিংঘী ৷ কিন্তু সভাত অংশ গ্ৰহণ কৰি হঠাৎ ক্ৰোধান্বিত হৈ পৰে বিধায়কগৰাকী ৷ সভাত গ্ৰামাঞ্চলৰ কোনো পুৰুষ মহিলাক দেখা নাপাই বিভাগটোক জগৰীয়া কৰে বিধায়ক সিংঘীয়ে ৷

বিলাসীপাৰাৰ সভাত ভাগ লৈ ক্ষোভিত অশোক কুমাৰ সিংহী!

সভাত অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ বাহিৰে গ্ৰামাঞ্চলৰ কোনো লোক উপস্থিত নথকাত সভা খন গুৰুত্বহীন বুলি ক্ষোভেৰে ব্যক্ত কৰে বিধায়কগৰাকীয়ে | ইয়াৰ লগতে চৰম দুৰ্নীতিত পোত যোৱা বিভাগটোৰ বিষয়া কৰ্মচাৰীক নিকা হ'বলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷ আনহাতে, দুৰ্নীতিৰ পাহাৰ গঢ়া সমাজ কল্যাণ বিভাগৰ ধুবুৰী জিলা বিষয়া কেশৰী বৰুৱাই তেখেতৰ নিজৰ বিভাগৰ তথ্য নিজে নাজানে বুলিও মন্তব্য কৰে অশোক সিংঘীয়ে ৷

ABOUT THE AUTHOR

...view details