অসম

assam

ETV Bharat / state

বিলাসীপাৰাত ধৰ্ষণকাৰীক ফাঁচিৰ ৰায়দান - বিলাসীপাৰা,

২০১৮ চনৰ ২৯ এপ্ৰিলত এগৰাকী ৭ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপৰাধত বিলাসীপাৰা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়দান

বিলাসীপাৰাত ধৰ্ষণকাৰীক ফাঁচিৰ ৰায়দান

By

Published : Mar 29, 2019, 9:46 PM IST

বিলাসীপাৰা,২৯ মাৰ্চঃ শুকুৰবাৰে বিলাসীপাৰা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান।৭ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা অভিযুক্তক ফাঁচিৰ ৰায়দান ।উল্লেখ্য যে,যোৱা ২০১৮ চনৰ ২৯ এপ্ৰিলৰ দিনা বিলাসীপাৰাৰ পুৰণি লাউপাৰাত সংঘটিত হৈছিল এই জঘন্য কাণ্ড । গৌৰী শংকৰ নাথ ওৰফে বাংকা নামৰ ১৯ বছৰীয়া যুৱক জনে প্ৰথমে অপহৰণ তাৰ পিছত ধৰ্ষণ কৰি হত্যা কৰিছিল নাবালিকাগৰাকীক ।

বিলাসীপাৰাত ধৰ্ষণকাৰীক ফাঁচিৰ ৰায়দান
ৰাণীগঞ্জ আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে নাবালিকাৰ পিতৃয়ে । আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত কনমানি শিশু গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে সন্দেহ বশতঃ গৌৰী শংকৰ নাথ ওৰফে বাংকাক আটক কৰি শোধপোচ কৰাত প্ৰকৃত ঘটনা পোহৰলৈ আহে | পিছত সাপটগ্ৰাম আৰক্ষী থানাত ৪/২০১৮ নম্বৰত আৰু ৩০২/৩০৬ এ বি /৬ pocso act. /২০১ ধাৰাত গোচৰ ৰুজু কৰি ধুবুৰী জেল হাজোত লৈ প্ৰেৰণ কৰে অভিযুক্তজনক । শুকুৰবাৰে অভিযুক্ত গৌৰী শংকৰক অতিৰিক্ত সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিচাৰপীঠে ফাঁচিৰ ৰায়দান কৰাৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে গৌৰী শংকৰক | ন্যায়াধীশ গৰাকীয়ে শুকুৰবাৰে চিকিৎসককে ধৰি ফৰেনচিক আৰু ১৭ গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰি প্ৰদান কৰে এই ঐতিহাসিক ৰায়দান । উল্লেখ্য যে, জানিব পৰা মতে বিলাসীপাৰা মহকুমাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ এইটোৱেই প্ৰথম ফাঁচিৰ ৰায়দান ।

ABOUT THE AUTHOR

...view details