ধুবুৰী, 23 ডিচেম্বৰঃ অবিভক্ত গোৱালপাৰা জিলাক কমতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠনৰ বাবে সোণোৱাল চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণৰ পিছতেই বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । কোচৰাজবংশী সকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাক লৈ কমতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠন কৰিলে মিঞা পৰিষদে আত্মজাহৰ লগতে অগ্নিকুণ্ড লৈ ৰূপান্তৰ হ’ব বুলি এইবাৰ সকীয়নি অসম মিঞা (অসমীয়া) পৰিষদৰ । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্য তথা সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে সোণোৱাল চৰকাৰৰ জনগোষ্ঠীয় ৰাজনীতি কৰাৰ অভিযোগ মিঞা পৰিষদৰ ।
মিঞা স্বায়ত্ব শাসন গঠন নকৰিলে আত্মজাহৰ হুংকাৰ মিঞা পৰিষদৰ ! - কোচ ৰাজবংশী
কোচ ৰাজবংশী সকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাক লৈ কমতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠন কৰিলে মিঞা পৰিষদে আত্মজাহৰ লগতে অগ্নিকুণ্ড লৈ ৰূপান্তৰ হ’ব বুলি এইবাৰ সকীয়নি অসম মিঞা (অসমীয়া) পৰিষদৰ । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্য তথা সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে সোণোৱাল চৰকাৰৰ জনগোষ্ঠীয় ৰাজনীতি ।
ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মিঞা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক এম মহৰ আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । লগতে ১৯৯৪ চনৰ পৰাই মিঞা পৰিষদে মিঞা স্বায়ত্ব শাসন গঠনৰ দাবী কৰি আহিছে যদিও চৰকাৰে সেই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰে ৷ অহা এক সপ্তাহৰ ভিতৰত মিঞা স্বায়ত্ব শাসন গঠন কৰা নহ’লে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে দিছপুৰত আত্মজাহৰ হুংকাৰ মিঞা পৰিষদৰ । আনহাতে অসম মিঞা (অসমীয়া) ছাত্ৰ পৰিষদৰ সভাপতি এম আখেৰুজ্জামান মোল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৌগোলিক ভাবে নহয় চেটেলাইট পদ্ধতিৰে সম্প্ৰদায় পৰিসীমিতৰে মিঞা পৰিষদ গঠনৰ দাবী উত্থাপন কৰে ।
আৰু পঢ়কঃপাঠশালাত ভয়াৱহ অগ্নিকাণ্ড: ভষ্মীভূত 30 লক্ষাধিক টকাৰ সম্পত্তি