ধুবুৰী, 24 জুনঃ ধুবুৰীত চলিছে বালি ছিণ্ডিকেট !! ব্ৰহ্মপুত্ৰৰ বিভিন্ন চৰ চাপৰিৰ পৰা অবৈধ ভাৱে খনন কাৰ্য চলাই বালি বিক্ৰী কৰি আহিছে একাংশ ব্যৱসায়ীয়ে । এই অভিযোগ উত্থাপন কৰিছে স্থানীয়লোকে ৷ ধুবুৰীৰ বন বিভাগৰ সৈতে গোপন বুজাবুজি থকাৰ বাবেই একাংশ ব্যৱসায়ীয়ে প্ৰতিদিনে চলাই যাবলৈ সক্ষম হৈছে এই বালি ছিণ্ডিকেট ৷
ধুবুৰীত বালিৰ ছিণ্ডিকেট!! - SAND SYNDICATE
গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুখনকৈ অবৈধ বালি কঢ়িওৱা নাও
ধুবুৰীত বালি ছিণ্ডিকেট
সোমবাৰে এক গোচৰৰ ভিত্তিতে গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুখনকৈ অবৈধ বালি কঢ়িওৱা নাও। আব্দুল মান্নান শ্বেখ নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে বালি ভৰ্তি খন নাও।
উল্লেখযোগ্য যে,এনে ছিণ্ডিকেটৰ ফলতেই চৰকাৰে দীৰ্ঘদিন ধৰি হেৰুৱাবলগীয়া হৈছে বৃহৎ পৰিমাণৰ ৰাজহ । অৱশ্যে আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব এই বালি ছিণ্ডিকেটৰ সৈতে কোন কোন বিষয়া জড়িত আছে ৷
Last Updated : Jun 24, 2019, 7:37 PM IST