অসম

assam

ETV Bharat / state

পূৱ বিলাসীপাৰাত ৰেচন কাৰ্ডৰ নামত ভংয়কৰ জালিয়াতি - পূৱ বিলাসীপাৰাত ৰেচন কাৰ্ডৰ নামত ভংয়কৰ জালিয়াতি

২৭ নং বিলাসীপাৰা পূৱ সমষ্টিৰ ভোটাৰ তালিকাত নাম নথকা তথা দিছপুৰস্থিত এগৰাকী মহিলাই ৰঙামাটি শাখা সমবায় সমিতিত নাম সন্নিবিষ্ট কৰি বহু দিনৰে পৰাই গ্ৰহণ কৰি আহিছে চৰকাৰী সা-সুবিধা ৷ চাপৰ থানাত দাখিল কৰা হৈছে এজাহাৰ ৷ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ হস্তক্ষেপৰ দাবী স্থানীয় ৰাইজৰ ৷

fir filed against an women involved in ration card corruption
পূৱ বিলাসীপাৰাত ৰেচন কাৰ্ডৰ নামত ভংয়কৰ জালিয়াতি

By

Published : Jul 20, 2020, 2:09 PM IST

পূৱ বিলাসীপাৰা , ২০ জুলাইঃ ৰেচন কাৰ্ডৰ ক্ষেত্ৰত ভয়ংকৰ জালিয়াতিৰ এক ঘটনা পোহৰলৈ আহিছে পূৱ বিলাসীপাৰাৰ চাপৰৰ ৰঙামাটিত ৷ ৰাজ্যৰ বিভিন্ন ঠাইত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল সমূহে ৰেচন কাৰ্ড বিচাৰি হাবাখুৰি খাব লগা সময়তে তাৎপৰ্য বহন কৰিছে ৰেচন কাৰ্ডক লৈ হোৱা এই ভয়ংকৰ জালিয়াতিৰ ঘটনাই ৷ অভিযোগ মতে ,কামৰূপ জিলাৰ নুনমাটিৰ অধীনস্থ ৫২ নং দিছপুৰ সমষ্টিৰ পূৱ নিজৰাপাৰা এল,পি স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰা মাহিলা খাতুন নামৰ মহিলা গৰাকীয়ে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটি শাখা সমবায় সমিতিত নাম সন্নিবিষ্ট কৰি বহু দিনৰে পৰাই গ্ৰহণ কৰি আহিছে চৰকাৰী সা-সুবিধা ৷ উল্লেখ্য যে, মাহিলা খাতুনৰ বোৱাৰী মেৰীনা বেগম ১৩১৩ নং চৈৱাৰী-মাজেৰগাওঁ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৷ এগৰাকী শিক্ষয়িত্ৰীৰ স্বামী আৰু পাঁচ গৰাকী সন্তানৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভূক্ত হোৱাক লৈ সম্প্ৰতি অসন্তুষ্ট হৈ পৰিছে অঞ্চলবাসী ৷

দিছপুৰৰ মহিলাৰ নামত চাপৰ থানাত এজাহাৰ দাখিল

আনহাতে , ৰঙামাটি গাওঁ পঞ্চায়তৰ অধীনস্থ কাঠালবাৰীৰ এগৰাকী সচেতন যুৱক হাবিজুৰ ৰহমানে মেৰিনা বেগম আৰু তেওঁৰ স্বামী মোছাৰফ হুছেইনৰ বিৰুদ্ধে চাপৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ২৭ নং বিলাসীপাৰা পূৱ সমষ্টিৰ ভোটাৰ তালিকাত নাম নথকা মহিলা গৰাকীৰ নামত যোগান বিভাগে কিদৰে ৰেচন কাৰ্ড প্ৰদান কৰিলে সেই বিষয়ে উচিত তদন্ত কৰি অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃৰাজ্যত বানে পুনৰ প্ৰাণ কাঢ়িলে 5 জনকৈ লোকৰ

ABOUT THE AUTHOR

...view details