বিলাসীপাৰা,২৬ জুন:নিৰ্মাণৰ পাঁচ দিনৰ পাচতে চকলা চকলে খহিছে বিলাসীপাৰা মহকুমাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঙালীপাৰাৰ-ফকিৰাগ্ৰাম সংযোগী গড়কাপ্তানি পথটো। বিগত ১৫ বছৰে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা অতি গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ বাবে শেহতীয়াকৈ চৰকাৰৰ ২০১৮-১৯ বৰ্ষৰ SOPD আঁচনিত ধন আবন্টন দিয়া হৈছিল ।
নিৰ্মাণৰ পাঁচ দিনতে খহি পৰিল বিলাসীপাৰাৰ এটা পথ - road construction scandal
পথটো নিৰ্মাণৰ বাবদ চৰকাৰে কিমান টকা আবন্টন দিছে,তাকো গোপনে ৰাখিছে নিৰ্মাণকাৰী ঠিকাদাৰ জনে । ইপিনে পথটোত কোনো শিল পাৰি নিদি মাটিৰ ওপৰতে পকীকৰণ কৰা অভিযোগ তুলে ৰাইজে|
এই পথটো নিৰ্মাণৰ বাবে বঙাইগাঁৱৰ জনৈক অজিত নামৰ ঠিকাদাৰ এজনে নিবিদা লাভ কৰে। আৰু সেই মতে চলিত বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত পুৱ বিলাসীপাৰাৰ বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে গড়কাপ্তানী বিভাগৰ ধুবুৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মেহেবুব আলী বক্সৰ উপস্থিতিত পথটোৰ আধাৰশিলা স্থাপন কৰে | ইয়াৰ পিচতে নিবিদা লাভ কৰা ঠিকাদাৰ জনে পথটোত আধাৰশিলাৰ ফলক এখন লগোৱাৰ বাদে কোনো আঁচনি ফলক নলগোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলবাসীয়ে ৷ আঁচনি ফলক আঁৰি নিদিয়াকৈ ৰাইজক অন্ধকাৰত ৰাখি অতি নিম্নমানৰ সা-সামগ্ৰীৰে কাম চলাই অহা বুলিও অভিযোগ তুলি ৰাইজে। লগতে পথটো নিৰ্মাণৰ বাবদ চৰকাৰে কিমান টকা আবন্টন দিছে, তাকো গোপনে ৰাখিছে নিৰ্মাণকাৰী ঠিকাদাৰজনে । ইপিনে পথটোত কোনো শিল পাৰি নিদি মাটিৰ ওপৰতে পকীকৰণ কৰা অভিযোগ তুলে ৰাইজে ৷ যাৰ ফলত নিৰ্মাণৰত পথটো চকলা চকলে খহি পৰিছে । ৰাইজৰ অভিযোগ, দিনৰ পোহৰত নহয় নিশাৰ আন্ধাৰতহে ঠিকাদাৰ জনে এইদৰে পথ নিৰ্মাণৰ কাম কৰে । বিভাগীয় বিষয়া অভিযন্তাক মেনেজ কৰি ঠিকাদাৰ জনে চৰকাৰী ধন শৰাধ কৰাত উঠি পৰি লাগিছে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰে । সেয়ে এই পথ মেৰামতিৰ নামত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত ৰাইজে চৰকাৰৰ হস্তক্ষেপ দাবী জনায় ।