ধুবুৰী, 28 ছেপ্তেম্বৰ: বিটিএডিৰ পৰ্বতঝোৰাত সোমবাৰে বিপিএফ দলে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ শীঘ্ৰেই বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে দলটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ শাসনাধীন চৰকাৰে নিজৰ মুনাফা আদায়ৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷
বিটিচি পৰিষদীয় নিৰ্বাচনৰ দাবীৰে বিপিএফৰ প্ৰতিবাদ - বিপিএফৰ প্ৰতিবাদ
সোমবাৰে বিপিএফ দলে শীঘ্ৰেই বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে পৰ্বতঝোৰাত প্ৰতিবাদ সাব্যস্ত কৰে ৷
আনহাতে চৰকাৰে নিৰ্বাচন অনুষ্ঠিত নকৰি বিটিএডিবাসী ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে বুলিও অভিযোগ কৰে তেওঁলোকে ৷ লগতে এগৰাকী দক্ষ মন্ত্ৰীয়ে আন এখন ৰাজ্যক অনুসৰণ কৰিবলৈ গৈ নিজৰ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত নকৰাটো সম্পূৰ্ণ ব্যৰ্থতা বুলি উল্লেখ কৰে বিপিএফৰ মনোনীত প্ৰাৰ্থী মুনমুন ব্ৰহ্মই ৷ বিটিচি নিৰ্বাচনত বিজেপিয়ে এটা বিপদজনক প্ৰতিফল পাব বুলি শংকা কৰিয়েই নিৰ্বাচন পিছুৱাবলৈ ষড়যন্ত্ৰ কৰি আছে বুলি কয় প্ৰাৰ্থী গৰাকীয়ে ৷
লগতে পঢ়ক:মুকালমুৱাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ