ধুবুৰী, ১১ মে':বৰ্তমানে দেশজুৰি লকডাউনৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালবোৰে পৰিছে তীব্ৰ খাদ্য সংকটত । এনে সময়তে গৌৰীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা ধুবুৰী জিলাৰ কচুৱাৰখাচ ২য় খণ্ডৰ ২০০ নং অংগনাৱাদী (দক্ষিন ভাটা গাওঁ) কেন্দ্ৰত সাহাৰ্য বিতৰণৰ নামত কেন্দ্ৰটোৰ কৰ্মী হাছিনা বিবিৰ বিৰুদ্ধে উত্থাপিত হৈছে দূৰ্ণীতিৰ অভিযোগ । এনে অভিযোগৰ ভিত্তিতে সোমবাৰে স্থানীয় একাংশ ৰাইজে কেন্দ্ৰটোত উপস্থিত হৈ উত্তাল হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
অংগনাৱাদী কেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ - lock down
ধুবুৰী জিলাৰ কচুৱাৰখাচ ২য় খণ্ডৰ ২০০ নং অংগনাৱাদী কেন্দ্ৰত সাহাৰ্যৰ নামত দুৰ্নীতিৰ অভিযোগ । এই অভিযোগৰ ভিত্তিতে স্থানীয় ৰাইজে অংগনাৱাদী কেন্দ্ৰত সাব্যস্ত কৰিলে প্ৰতিবাদ।
ধুবুৰীত অংগনাৱাড়ী কেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ
অভিযোগ অনুসৰি, চৰকাৰী নিয়মানুযায়ী হিতাধিকাৰীৰ মাজত যি হাৰত চাউল, মটৰ বিতৰণ কৰিব লাগিছিল সেই অনুপাতে বিতৰণ নকৰি ব্যাপক খেলিমেলি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ।
উল্লেখযোগ্য যে, ধুবুৰীৰ কেৱল এইখন অংগনাৱাদী কেন্দ্ৰতেই নহয় । জিলা খনৰ প্ৰায় দুহেজাৰ খন অংগনাৱাদী কেন্দ্ৰত কৰ্মী সহায়িকাই একেই লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।