ধুবুৰী, 13 আগষ্ট:ধুবুৰীৰ হাজাৰীঝৰনাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । 17 নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । প্ৰতিবাদী ৰাইজক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠীচালনা । ভূমিহীন পৰিয়ালক সংস্থাপন দিয়াৰ দাবীত গাঁওবাসীৰ এই উত্তাল প্ৰতিবাদ । সংস্থাপন বিচাৰি বিগত কিছু দিনৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে গাঁওবাসীয়ে ।
তাৰ মাজতে শুকুৰবাৰে গাঁওখনৰ সহস্ৰাধিক ৰাইজে 17 নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ চেষ্টা চলায় । অৱশ্যে আৰক্ষী আৰু প্ৰশাসনিক বিষয়াই এই কাৰ্যত বাধা প্ৰদান কৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি থকাৰ সময়তে একাংশ ৰাইজে বন জংঘলৰ মাজেৰে গৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ।
এটা সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচলনা কৰে ।