শুদ্ধ ৰূপত প্ৰকাশ পোৱা নাই এন আৰ চি - বিজয় গুপ্তা - হিন্দু সম্প্ৰদায়
ধুবুৰীত ৰাজ্যিক বিজেপিৰ উপ সভাপতি বিজয় গুপ্তাৰ সংবাদমেল । এন আৰ চি প্ৰসংগত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আক্ৰমণাত্মক ভাবে সমালোচনা । আদালতৰ কাষ চপাৰ লগতে পৃথক আইন প্ৰণয়ন কৰি এন আৰ চিৰ পৰা বাদ পৰা ভাৰতীয় নাগৰিকক অন্তৰ্ভুক্ত কৰাৰ দাবী
ধুবুৰী, 7 চেপ্তেম্বৰ : এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতেই 19 লক্ষাধিক লোকৰ নাম বাদ পৰিছে । ইয়াৰে ভিতৰত বেছিভাগেই হিন্দু সম্প্ৰদায়ৰ লোক । প্ৰথমতে ভবা ধৰণে শুদ্ধ ৰূপত প্ৰকাশ পোৱা নাই এন আৰ চি । যাৰ বাবে আমি সদ্য প্ৰকাশিত এন আৰ চি মানি লব নোৱাৰোঁ । এই মন্তব্য ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা অসম চৰকাৰৰ বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তাৰ । আজি ধুবুৰী আৱৰ্ত ভৱনত অনুষ্ঠিত কৰা এখন সংবাদমেলত বিজেপি নেতা গৰাকীয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সমালোচনা কৰি এন আৰ চিৰ পুনৰীক্ষণৰ সকলো তথ্য ৰাজহুৱা কৰা নাই কিয় বুলি প্ৰশ্ন উত্থাপন কৰি তীব্ৰ সমালোচনা কৰে । আনহাতে ধুবুৰী চহৰৰ কেইখন ৱাৰ্ডৰ পৰা বাদ পৰা লোক সকলৰ তালিকাৰ তথ্য প্ৰকাশ কৰি সকলো হিন্দু ভাৰতীয়ৰ নাম বাদ পেলোৱা হৈছে বুলি কৈ এন আৰ চিৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰী সকলেও এই ক্ষেত্ৰত জগৰীয়া বুলি মন্তব্য কৰে বিজেপি নেতা গৰাকীয়ে । আনহাতে, এন আৰ চিৰ পৰা বাদ পৰা ভাৰতীয় সকলৰ বাবে পৃথক আইন প্ৰণয়ন কৰি সকলোকে এন আৰ চিত অন্তৰ্ভুক্ত কৰি নিবৰ বাবে দাবী উত্থাপন কৰে বিজেপি নেতা বিজয় গুপ্তাই ।