অসম

assam

ETV Bharat / state

পূৰ্ণ হ'বনে ইয়ামিনৰ চিকিৎসক হোৱাৰ সপোন

২০১৫ত ইয়ামিনে ৮৭% নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত আজমল কলেজত বিজ্ঞান শাখাত ভৰ্ত্তি হৈছিল। ইয়ামিনে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চুড়ান্ত পৰীক্ষাতো ৮৬.৬৭%নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

পূৰ্ণ হ'বনে ইয়ামিনৰ সপোন

By

Published : Jun 12, 2019, 3:24 PM IST

বিলাসীপাৰা,12 জুন : চিকিৎসক হ'বলৈ সাজু বিলাসীপাৰাৰ পাণবাৰীৰ এজন দৰিদ্ৰ কাঠ মিস্ত্ৰীৰ ল'ৰা। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ দালানেৰ আলগা প্ৰথমখণ্ড গাঁৱৰ ইয়ামিন পৰামাণিক নামৰ ছাত্ৰজনে সদ্যঘোষিত ২০১৯ৰ সৰ্বভাৰতীয় NEET প্ৰৱেশ পৰীক্ষাত লাভ কৰিছে ৭২০নম্বৰৰ ভিতৰত ৪৫৯ নম্বৰ।

পূৰ্ণ হ'বনে ইয়ামিনৰ সপোন

২০১৫ত ইয়ামিনে ৮৭%নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত আজমল কলেজত বিজ্ঞান শাখাত ভৰ্ত্তি হৈছিল। ইয়ামিনে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চুড়ান্ত পৰীক্ষাতো ৮৬.৬৭%নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। পিতৃয়ে দিন হাজিৰা পোহপাল দিয়া ইয়ামিনৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাকে আদি কৰি NEET ক'চিঙৰো সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল আজমল ফাউণ্ডেচনে ৷ বুধবাৰে ধুবুৰী আজমল ফাউণ্ডেচনৰ অধ্যক্ষ আৰু বিষয়ববীয়াই ইয়ামিনৰ ঘৰত আহি উপস্থিতহৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷

ABOUT THE AUTHOR

...view details