ধুবুৰী, 28 অক্টোবৰ :যোৱা ২১ অক্টোবৰত উদযাপিত হোৱা অসম আৰক্ষীৰ শ্বহীদ দিৱস তথা স্মৃতিচাৰণ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ধুবুৰী আৰক্ষী আৰু অষ্টম অসম আৰক্ষী বাহিনীয়ে যৌথ উদ্যোগত এক অভিনৱ অনুষ্ঠান আয়োজিত কৰে ৷ ধুবুৰীত মাৰ্চ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰি এক নতুন সংকল্প গ্ৰহণ কৰে ধুবুৰী আৰক্ষীয়ে ।
ধুবুৰী জিলাৰ উপায়ুক্ত আন্বামুথান এম পিৰ লগতে জিলা আৰক্ষী অধীক্ষক অভিজিৎ গোৰভ দিলীপ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জিৰাণী শৰ্মাৰ উপস্থিতিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত মাৰ্চ প্ৰদৰ্শন কৰা হয় । শ্বহীদ সকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এনে মাৰ্চ প্ৰদৰ্শনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি আৰক্ষী বাহিনীৰ লোক সকলে সদৰি কৰে ৷