অসম

assam

ETV Bharat / state

ৰাজ্যৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ!! - বিলাসীপাৰা

1993 চনত স্থাপিত তথা 2013 চনতে প্ৰাদেশীকৰণ হোৱা এখন চৰকাৰী বিদ্যালয় ৷ নাম আন্দুৰঝাৰ জনতা এল.পি. স্কুল | কিন্তু আন্তঃগাঠনিৰ নামত একোৱেই নাই বিদ্যালয় গৃহত | চাল বেৰ নোহোৱা জুপুৰি সদৃশ ঘৰটোত নাই শিক্ষাৰ পৰিৱেশ | পাঁচটাকৈ শ্ৰেণী কোঠাত 161 গৰাকী ছাত্ৰ-ছাত্ৰীক 5 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অতি কষ্টৰে নিতৌ কৰি আহিছে শিক্ষাদান |

ৰাইজৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ

By

Published : Jun 1, 2019, 2:44 PM IST

বিলাসীপাৰা,1 জুন: বিলাসীপাৰাৰ এখনত কণ কণ ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ আদি পাঠ গ্ৰহণ কৰিব লগীয়া হৈছে মুকলি আকাশৰ তলত ৷ কিয়নো বিদ্যালয় খনত নাই পকী বিদ্যালয় গৃহ ৷ চাল বেৰ নথকা জৰাজীৰ্ণ জুপুৰি সদৃশ গৃহ এটা আছে যদিও নাই ছাত্ৰ ছাত্ৰীৰ বাবে পৰ্যাপ্ত বহাৰ আসন ৷ ইয়াৰ পিছতো চকু মুদা কুলিৰ ভাও জুৰি আহিছে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগ আৰু বিভাগীয় মন্ত্ৰী গৰাকীয়ে ৷ 1993 চনত স্থাপিত হোৱা তথা 2013 চনতে প্ৰাদেশীকৰণ হোৱা এখন চৰকাৰী বিদ্যালয় ৷ বিদ্যালয় খনৰ নাম আন্দুৰঝাৰ জনতা এল.পি. স্কুল ৷ বিদ্যালয় খনৰ গৃহৰ জৰাজীৰ্ণ ৰূপ | চাল বেৰ নোহোৱা জুপুৰি সদৃশ গৃহটোত নাই শিক্ষাদানৰ পৰিৱেশ ৷ পাঁচটা কৈ শ্ৰেণীৰ 161 গৰাকী ছাত্ৰ ছাত্ৰীক 5 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অতি কষ্টৰ মাজেৰে নিতৌ চলাই আহিছে পাঠদান কাৰ্য ৷

ৰাইজৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ

লগতে পঢ়ক: ৰাজ্যত অব্যাহত বাল্য বিবাহঃ চাইল্ড লাইনে উদ্ধাৰ কৰিলে নৱবিবাহিতা কিশোৰীক

এনে অৱস্থাত উপায়বিহীন শিক্ষক শিক্ষয়িত্ৰী সকলে দুটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক জুপুৰীটোৰ ভিতৰত পাঠদান কৰায় আহিছে যদিও আন তিনিটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক মুকলি আকাশৰ তলত মাটিত বহুৱাই পাঠদান কৰায় আহিছে | বতাহ বৰষুণ আহিলে ব্যাঘাত জন্মে পাঠদানত ৷ ভয় শংকাৰ মাজেৰে ছাত্ৰ ছাত্ৰী সকলে গ্ৰহণ কৰিছে জীৱনৰ আদিপাঠ ৷ ইয়াৰ পিছতো ৰাজ্যৰ শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন হোৱা বুলি জাহিৰ কৰা অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী গৰাকীৰ দৃষ্টি গোচৰ হ'ব নে এই সকল কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ৷

ABOUT THE AUTHOR

...view details