অসম

assam

ETV Bharat / state

নাই পথ, নাই এম্বুলেঞ্চ : সাঙিত উঠাই ৰোগীক লৈ যোৱা হ'ল চিকিৎসালয়লৈ - Pachim Bilasipara

এক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হ'ল পশ্চিম বিলাসীপাৰাবাসী (Pachim Bilasipara) ৷ সাঙিত উঠায়েই চিকিৎসালয়লৈ নিবলগীয়া হ'ল জটিল ৰোগত আক্ৰান্ত এগৰাকী বৃদ্ধাক ৷ প্ৰতিফলিত হৈছে ৰাজ্যৰ যাতায়ত ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ ৷

patient-suffering-from-disease-was-taken-to-the-hospital-by-sangi
পশ্চিম বিলাসীপাৰাত সাঙীত উঠাই ৰোগীক লৈ যোৱা হ'ল চিকিৎসালয়লৈ

By

Published : Nov 22, 2021, 9:59 PM IST

পশ্চিম বিলাসীপাৰা, 22 নৱেম্বৰ : স্বাস্থ্যসেৱা (Health department of Assam) আৰু যাতায়ত (Transport department of Assam) ৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হোৱা বুলি ৰাজ্য চৰকাৰে ঢাক-ঢোল বজালেও আজিও প্ৰান্তে প্ৰান্তে নৰক যন্ত্ৰণা ভুগি আহিছে ৰাজ্যবাসীয়ে ৷ দেওবাৰে নিশা তেনে এক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হ'ল পশ্চিম বিলাসীপাৰাবাসী (Pachim Bilasipara) ৷ সাঙিত উঠায়েই চিকিৎসালয়লৈ নিবলগীয়া হ'ল জটিল ৰোগত আক্ৰান্ত এগৰাকী বৃদ্ধাক ৷

পশ্চিম বিলাসীপাৰাত প্ৰতিফলিত হৈছে ৰাজ্যৰ যাতায়ত ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ ৷ ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবেও নাই সু-ব্যৱস্থা ৷ এম্বুলেঞ্চ সেৱাৰ বাবে অনুপযোগী পথৰ বাবেই ৰোগী গৰাকীক সাঙিত উঠাই বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ নিবলগীয়া হোৱা ঘটনাই উদঙাই দিছে উন্নয়ণৰ প্ৰকৃত ছবিখন ৷

পশ্চিম বিলাসীপাৰাত সাঙীত উঠাই ৰোগীক লৈ যোৱা হ'ল চিকিৎসালয়লৈ

যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অৱহেলিত হৈ অহা পশ্চিম বিলাসীপাৰাৰ আণ্ডামাৰী, সাধুবাশা, গুটিপাৰা আদি অঞ্চলৰ প্ৰায় ৩০ খন গাঁৱৰ জনসাধাৰণে যাতায়তৰ বাবে জীয়াতু ভোগ কৰি আহিবলগীয়া হৈছে ৷ যাতায়ত ব্যৱস্থাৰ কদৰ্যময় ৰূপৰ বাবে উক্ত অঞ্চলসমূহৰ ৰোগীসকলক চিকিৎসালয়লৈ নিয়াৰ সময়ত নানান হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে ৷ উল্লেখ্য যে, বিগত দিনবোৰত এই অঞ্চলসমূহৰ ৰোগীক চিকিৎসালয় লৈ নিয়াৰ সময়ত বহু ৰোগীৰ মৃত্যুও হৈছে ৷

একবিংশ শতিকাৰ আধুনিক যোগাযোগ ব্যৱস্থাৰ সময়ত নিশা জটিল ৰোগত আক্ৰান্ত বৃদ্ধা ৰোগীগৰাকীক সাঙিত তুলি টিপকাই নৈৰ বাঁহৰ দলঙৰ ওপৰেৰে চিকিৎসালয়লৈ লৈ যোৱা দৃশ্যই সভ্য সমাজক এক প্ৰকাৰৰ লজ্জিত কৰিছে ৷ আজিও এনে বহু ঠাইত অঞ্চলসমূহত ঢুকি পোৱা নাই অসমৰ মুখ্যমন্ত্ৰী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarmah)ৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ কোনো উন্নয়ন মূলক আঁচনিয়ে ৷ স্বাধীনোত্তৰ কালৰে পৰা কোনো এখন চৰকাৰৰ সুদৃষ্টি নপৰা এই অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ বাবে উন্নত স্বাস্থ্য সেৱা ব্যৱস্থাৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :চৰকাৰৰ অৱহেলা: যাতায়তৰ বাবে বাঁহৰ সাঁকো নিৰ্মাণ কৰিলে মাদৈকাটাৰ ৰাইজে

ABOUT THE AUTHOR

...view details