অসম

assam

ETV Bharat / state

এজাক বৰষুণতে পানীত বুৰ যোৱা এটা পথ - ৰে'ল বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ জনতা

পূৱ বিলাসীপাৰা হাতিপোতাত এজাক বৰষুণতে একাঠু পানীত বুৰ যায় এটা ব্যস্ততাপূৰ্ণ পথ ৷

এজাক বৰষুণতে পানীত বুৰ যোৱা এটা পথ
এজাক বৰষুণতে পানীত বুৰ যোৱা এটা পথ

By

Published : Oct 1, 2020, 3:36 PM IST

পূৱ বিলাসীপাৰা, 1 অক্টোবৰ : পূৱ বিলাসীপাৰাৰ চাপৰৰ হাতীপোতাত ৰে'ল বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ জনতা ৷ ৰে'ল বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এজাক বৰষুণতে একাঁঠু পানীত বুৰ যায় এটা ব্যস্ততাপূৰ্ণ পথ ৷

নিউ ময়নাগুৰিৰ পৰা যোগীঘোপালৈ নিৰ্মীয়মান ৰেলপথত বিভাগৰ একাংশ কাণ্ডজ্ঞানহীন বিষয়া কৰ্মচাৰীৰ বাবে যমৰ যাতনা ভুগিছে সৰ্বসাধাৰণ ৰাইজে । পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ হাতীপোতা অঞ্চলৰ প্ৰথম খণ্ড গাঁৱত আছে এখন অভাৰ ব্ৰীজ ৷ কিন্তু বৰষুণ দিলে পানী ওলাই যাবলৈ নাই কোনো বিকল্প পথ । ৰে'ল বিভাগেও পথটোৰ কোনো মেৰামতি নকৰাৰ ফলত এজাক বৰষুণত একাঁঠু পানী আৰু বোকাৰ সৃষ্টি হয় পথটোত ।

এজাক বৰষুণতে পানীত বুৰ যোৱা এটা পথ

ফলত পথটোৰে যাতায়ত কৰিব নোৱাৰে অঞ্চলটোৰ ৰাইজ তথা ছাত্র ছাত্ৰীসকলে । চলাচল কৰিব নোৱাৰে যান-বাহন । স্থানীয় ৰাইজে এই সংক্ৰান্তত ৰে'ল বিভাগক বহুতো অভিযোগ কৰাৰ পিছতো গুৰুত্ব প্ৰদান কৰা নাই বিভাগে । বিগত এটা বছৰে এইদৰে জীয়াতু ভুগি যাতায়ত কৰা এই বিস্তৃত অঞ্চলৰ ৰাইজৰ এই সমস্যা অতি শীঘ্ৰে সমাধানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :গাড়ী বন্ধ কৰি নগাঁৱত প্ৰতিবাদ মটৰ শ্ৰমিক আৰু মালিক সন্থাৰ

ABOUT THE AUTHOR

...view details