ধুবুৰী, 21 মাৰ্চ : ডিজিটেল ইণ্ডিয়াৰ পৰশ নপৰা এখন চৰকাৰী বিদ্যালয় ৷ ধুবুৰীৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মাঝেৰচৰ ৰিভাৰ ব্লক গাঁৱত থকা এইয়া জনপ্ৰিয় প্ৰাইমাৰী বিদ্যালয় ৷ বিদ্যালয়খনৰ দুৰৱস্থাই স্তম্ভিত কৰি তুলিব আপোনাকো ৷ চৰাঞ্চলৰ এই বিদ্যালয়খনত এটা মাথো ভগা জুপুৰীৰ মাজতে একেলগে শিক্ষাগ্ৰহণ কৰি আহিছে ছটাকৈ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৷ অবিশ্বাস্য হ'লেও এইয়াই সঁচা ৷ 71 গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ ডেস্ক বেঞ্চ ৷
সৰ্বশিক্ষাত সৰ্বনাশ ! এটা কোঠাত 6 টাকৈ শ্ৰেণীৰ শিক্ষাৰ্থী - চৰকাৰী বিদ্যালয়ৰ নমুনা
এশ এবুৰি সমস্যাৰে পূৰ্ণ ধুবুৰীৰ এখন বিদ্যালয় ৷ নাই পৰ্যাপ্ত শ্ৰেণীকোঠা, ডেস্ক-বেঞ্চ ৷ এটা ভগা শ্ৰেণীতে জীৱনৰ আদিপাঠ গ্ৰহণ শিক্ষাৰ্থীৰ ৷
এশ এবুৰি সমস্যাৰে পূৰ্ণ ধুবুৰীৰ এখন বিদ্যালয়
ইপিনে চলিত শিক্ষা বৰ্ষৰ আৰম্ভণিতে বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছিল যদিও তাৰ কেইদিনমান পাচৰ পৰাই একপ্ৰকাৰ বন্ধ হৈ পৰে মধ্যাহ্ন ভোজন । ৰাজ্য চৰকাৰে শিক্ষাবিভাগৰ উন্নয়নৰঢাক-ঢোল বজাই থকাৰ সময়তে চৰকাৰী বিদ্যালয়ৰ এনে দুৰৱস্থাই উদঙাই দিছে শিক্ষাখণ্ডৰ প্ৰকৃতস্বৰূপ ৷