অসম

assam

ETV Bharat / state

ধুবুৰী আদালত চৌহদত চাঞ্চল্যকৰ ঘটনাঃ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন লোক - জিলা আদালত

ধুবুৰী জিলা ন্যায়ালয়ৰ চৌহদত উদ্ধাৰ হয় তেজেৰে লুটুৰি-পুতুৰি এজন লোক ৷ ঘটনাক লৈ সৃষ্টি হয় হুলুস্থুলীয়া পৰিৱেশৰ ৷

ধুবুৰী আদালত চৌহদত চাঞ্চল্যকৰ ঘটনাঃ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন লোক

By

Published : Jul 6, 2019, 7:44 PM IST

ধুবুৰী, 6 জুলাইঃধুবুৰী আদালতৰ চৌহদত শনিবাৰে উদ্ধাৰ হয় তেজেৰে ৰক্তাক্ত এগৰাকী লোক ৷ 2017 চনৰ এক হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত লোকজনক আদালতৰ চৌহদত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হোৱাক লৈ সৃষ্টি হয় চাঞ্চল্যৰ ৷

অভিযুক্ত লোকজন মানকাচৰৰ খুটামাৰী গাঁৱৰ মুকুল শ্বেখ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, মাজেবুৰ ৰহমান নামৰ এগৰাকী নাবালকক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল মুকুল শ্বেখ ৷ জেলত থকাৰ সময়তে আদালতে মুকুল শ্বেখক জামিন প্ৰদান কৰিছিল ৷ আজিৰ ঘটনাৰ পিচতে আদালতত উপস্থিত থকা অধিবক্তাসকলে ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আদালত চৌহদত নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে ৷

ধুবুৰী আদালত চৌহদত চাঞ্চল্যকৰ ঘটনাঃ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন লোক

ABOUT THE AUTHOR

...view details