অসম

assam

ETV Bharat / state

মানকাচৰত বিহু উদযাপনৰ নামত অশ্লীল নৃত্য,জুৱাৰ পয়োভৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত বিহু উদযাপনৰ নামত পয়োভৰ ঘটিছে এতিয়া অশ্লীল নৃত্য আৰু ৰমৰমীয়া জুৱা খেলৰ ৷ কিন্তু এইক্ষেত্ৰত নিৰ্বিকাৰ দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী প্ৰশাসন ৷

By

Published : Jan 19, 2021, 12:08 PM IST

মানকাচৰত বিহু উদযাপনৰ নামত অশ্লীল নৃত্য আৰু জুৱা খেলৰ পয়োভৰ
মানকাচৰত বিহু উদযাপনৰ নামত অশ্লীল নৃত্য আৰু জুৱা খেলৰ পয়োভৰ

ধুবুৰী,19জানুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত বিহু উদযাপনৰ নামত পয়োভৰ ঘটিছে এতিয়া অশ্লীল নৃত্য আৰু ৰমৰমীয়া জুৱা খেলৰ ৷ বিশেষকৈ জিলাখনৰ মানকাচৰ,ভুৰাকাটা,কালাপানী,কানাইমাৰা,হাটশিঙিমাৰী আৰু সুখচৰত ভোজপুৰি গানৰ তালে তালে চলিছে অৰ্ধ উলংগ অশ্লীল নৃত্য আৰু জুৱা খেল ৷ কিন্তু এইক্ষেত্ৰত নিৰ্বিকাৰ দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী প্ৰশাসন ৷ ইয়াকে লৈ সৰৱ হৈ পৰিছে সমৰ্থক সংঘৰ অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক মনিৰুজ্জামান ৷

মানকাচৰত বিহু উদযাপনৰ নামত অশ্লীল নৃত্য আৰু জুৱা খেলৰ পয়োভৰ

সাংবাদিকৰ আগত সাধাৰণ সম্পাদকগৰাকীয়ে মন্তব্য কৰি কয় যে,একাংশ লোকে এনে সাংস্কৃতিক অনুষ্ঠানৰ নামত অশ্লীল নৃত্য আৰু জুৱাৰ আড্ডাৰ পয়োভৰ ঘটাই সমাজখনক একাংশই ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ৷ আনহাতে,অতি শীঘ্ৰে জিলাখনত চলি থকা এনে কাৰ্য-কলাপ বন্ধ কৰাৰ লগতে এই কাৰ্যত জড়িত থকা ব্যক্তি সকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰশাসনক দাবী জনায় ৷
লগতে পঢ়কঃঅৰুণাচল প্ৰদেশৰ বিবাদিত ভূমিত চীনৰ গাঁও নিৰ্মাণক লৈ সৰৱ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details