বিলাসীপাৰাত চিকিৎসকক বিচাৰি ৰোগীৰ হাহাকাৰ বিলাসীপাৰা,২৬ অক্টোবৰ: বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা । অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে অধিকাংশ ৰোগীক বিলাসীপাৰাৰ মডেল হাস্পতাললৈ প্ৰেৰণ কৰে কৰ্তৃপক্ষই । ৬ গৰাকীকৈ চিকিৎসক থকাৰ পিছতো জৰুৰী সময়ত ৰোগীয়ে নাপায় এজনো চিকিৎসকক । অসামৰিক চিকিৎসালয়খন এৰি অধিকাংশ সময় ব্যক্তিগত চিকিৎসালয়, ফাৰ্মাচী আদিত চিকিৎসা প্ৰদানৰ অভিযোগ উত্থাপন হৈছে চিকিৎসকৰ বিৰুদ্ধে ।
বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ চৰম অৰাজকতা চলাৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰী চিকিৎসালয়ত চাকৰিৰ দৰমহাৰে একাংশ চৰকাৰী চিকিৎসকৰ পেট নভৰে বুলিও অভিযোগ উত্থাপন কৰে ৰাইজে । চৰকাৰী চিকিৎসালয়ত নিজৰ দায়িত্ব পালন নকৰি বেছিভাগ সময় ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চিকিৎসালয়খনৰ চিকিৎসকৰ বিৰুদ্ধে । চৰকাৰী চিকিৎসকসকলৰ চৰম দায়িত্বহীনতাৰ ঘটনাকলৈ ক্ষুব্ধ হৈ পৰিছে বিলাসীপাৰাৰ সৰ্বসাধাৰণ জনতা ।
চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ ইন্দ্ৰজিৎ ভৰালী, ডাঃ অৰুনা শইকীয়া, ডাঃ হামিদা চৌধুৰী, ডাঃ ৰফিকুল ইছলাম তালুকদাৰ, ডাঃ বেদব্ৰত দাস আৰু ডাঃ মহিবুল ইছলামৰ বিৰুদ্ধ উত্থাপন হৈছে কেতবোৰ অভিযোগ । চিকিৎসালয়খনত চিকিৎসা কৰিবলৈ গৈ বিমুখ হৈ উভতি অহা ৰোগীৰ মতে এইসকল চিকিৎসকে মহকুমা অসামৰিক চিকিৎসালয়খন এৰি নিজ খেয়াল-খুচি মতে ব্যস্ত হৈ থাকে ব্যক্তিগতখণ্ডৰ চিকিৎসালয় আৰু ফাৰ্মাচীত ৷
এইক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰ দাবী কৰিছে ৰাইজে । শীঘ্ৰে এই সকল চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে ৷ চৰকাৰে স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়ন হোৱা বুলি বাৰে বাৰে চিঞৰি থাকিলেও কিন্তু এনেবোৰ ছবিয়ে উন্নয়নৰ বাস্তৱ অস্থাটোক ৰাইজৰ সমুখত দাঙি ধৰা দেখা গৈছে ৷
লগতে পঢ়ক:Amrit Kalash Yatra : অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত ৰাজ্যপাল