অসম

assam

ETV Bharat / state

ধুবুৰী জিলাত বলবৎ হ’ল নতুন ক’ভিড বিধি - ক’ভিড বিধি

ধুবুৰী জিলাতো ক’ভিডত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে শতকৰ ঘৰ ৷ ইতিমধ্যে প্ৰশাসনে সমগ্ৰ জিলাখনত বলবৎ কৰিছে নতুন ক’ভিড বিধি ৷

new-sop-issued-in-dhuburi-dur-to-covid-rises-etv-bharat-news
ধুবুৰী জিলাত বলবৎ হল নতুন ক’ভিড বিধি

By

Published : Apr 24, 2021, 10:59 PM IST

ধুবুৰী, 24 এপ্ৰিল : ৰাজ্যত ভয়াৱহ হাৰত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাৰ সংক্ৰমণ ৷ ৰাজ্যখনৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ ধুবুৰীত আক্ৰান্ত হৈ থকা ক’ভিড ৰোগীৰ সংখ্যা ১০০ ৰ অতিক্ৰম কৰিলে । ধুবুৰী জিলাত বৰ্তমান ১১৯ গৰাকীলৈ বৃদ্ধি হ’ল ক’ভিড আক্ৰান্তৰ সংখ্যা । ইপিনে আক্ৰান্তৰ সংখ্যা এশৰ অতিক্ৰম কৰাৰ পিছতে ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিয়মাৱলী(এছ অ' পি)ৰ আধাৰত ধুবুৰীৰ জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই এক নিৰ্দেশনা জাৰি কৰিছে ৷

ধুবুৰী জিলাত বলবৎ হল নতুন ক’ভিড বিধি

এই নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো বজাৰ, ছুপাৰ মাৰ্কেট, সাপ্তাহিক বজাৰ, আদি সকলো বাণিজ্যিক স্থান সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব ৷ ৰেস্তোৰা, ধাবা সমূহ ৬ বজাৰ পিছত খোলা থাকিব পাৰিব; কিন্তু কেৱল পেকেট খাদ্যহে বিক্ৰী কৰিব পাৰিব ৷ একেদৰে জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা মানিহে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব ৷ যি কোনো সমাগমত ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব ৷ বিবাহ আদি ঘৰুৱা অনুষ্ঠানত সৰ্বাধিক এশজন লোক উপস্থিত থকাৰ বিপৰীতে সকলো অট'ৰিক্সা, ৰিক্সা, টেক্সি আদিত চালকৰ বাহিৰে দুজন যাত্ৰীহে থাকিব পাৰিব ৷

ইপিনে আন্তঃজিলা বাছ আৰু যাত্ৰীবাহী নৌকাবোৰৰ আসনৰ সংখ্যাৰ পঞ্চাশ শতাংশ যাত্ৰীৰেহে চলাব লাগিব ৷ মৃতকৰ অন্ত্যোষ্টিক্ৰিয়াত সৰ্বাধিক ২০ জন ব্যক্তিহে উপস্থিত থাকিব পাৰিব ৷ একেদৰে প্ৰশাসনীয় আৰু জৰুৰী সেৱাৰ বাহিৰে অন্য কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব ৷ আনহাতে গৰ্ভৱতী মহিলা আৰু ৫ বছৰ বয়সৰ তলৰ সন্তান থকা মহিলা সকলে ঘৰৰ পৰাই কাম কৰিব পাৰিব ৷ কাৰ্যালয় সমূহ সঘনাই ছেনিটাইজ কৰিব লাগিব ৷ শিক্ষানুষ্ঠানত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে পাঠদান কৰাব পাৰিব ৷ কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্ৰতো বাধ্যতামূলক কৰিছে ৷

ইপিনে ধৰ্মীয় স্থানত প্ৰতি ঘন্টাত সৰ্বাধিক ২০ জন লোকহে উপস্থিত থাকিব পাৰিব ৷ আন এক নিৰ্দেশযোগে জিলা উপায়ুক্তই জিলাখনৰ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়বোৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ৷

উল্লেখ্য যে ধুবুৰীত শনিবাৰে ১৬ গৰাকীৰ দেহত ক’ভিড-29 পজিটিভ ধৰা পৰিছে ৷ জিলাখনত সম্প্ৰতি যোৱা ২১ মাৰ্চৰ পৰা আজিলৈকে ১১৯ গৰাকী লোক আক্ৰান্ত হৈছে ৷ ইয়াৰে ছয়গৰাকী লোক সুস্থ হোৱাৰ লগতে দুগৰাকীৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক :কৰ’ণাক লৈ কঠোৰ ডিমা হাছাও জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details