অসম

assam

ETV Bharat / state

ৰাজ্যত পুনৰ সোপাধৰাৰ আতংক; বৃদ্ধক গণপ্ৰহাৰ

বৃদ্ধ গৰাকীয়ে নিজৰ কাম শেষ কৰি নিশা 12 টা মান বজাত ঘৰলৈ আহি থাকোতে আধাবাটত হঠাতে মুষলধাৰ বৰষুণ আৰম্ভ হোৱাত সমীপতে থকা ঠকঠকী পাৰা গাঁৱৰ ছমছেৰ আলীৰ ঘৰত সোমায় | মাজনিশা বৃদ্ধ গৰাকীক ঘৰৰ চোতালত দেখা পাই সোপাধৰা বুলি চিঞৰ বাখৰ আৰম্ভ কৰে ৷

By

Published : May 2, 2019, 9:48 AM IST

Updated : May 2, 2019, 10:28 AM IST

অন্ধবিশ্বাসৰ বলি হৈ বৃদ্ধক গণপ্ৰহাৰ


বিলাসীপাৰা , 2 মে' : মানৱতাক লজ্জানত কৰা এক জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য | এই নৃশংস ঘটনা সংঘটিত হৈছে পশ্চিম বিলাসীপাৰাত | এজন সত্তৰোৰ্ধৰ বৃদ্ধক সোপাধৰাৰ সন্দেহত অমানসিক ভাবে মাৰধৰ | জীৱনৰ বিয়লি বেলাত অন্ধবিশ্বাসৰ বলি হৈ গণ প্ৰহাৰত মৃত্যুৰ ক্ষণ গনিব লগীয়া হৈছে এজন 75 বছৰীয়া বৃদ্ধই |

অন্ধবিশ্বাসৰ বলি হৈ বৃদ্ধক গণপ্ৰহাৰ

লগতে পঢ়ক: বহিঃৰাজ্যত অসমীয়া যুৱকৰ মৃত্যু, আহত পিতৃ

পশ্চিম বিলাসীপাৰাৰ ফকিৰপাৰাৰ বাসিন্দাগৰাকীৰ নাম মজাফ্ফৰ আলী | পৰিয়ালৰ লোকৰ মতে বুধবাৰে নিশা ব্যক্তিগত কাম এটাৰ বাবে নিজ ঘৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ দূৰত্বত থকা বাঙালীপাৰা বজাৰলৈ গৈছিল | নিজৰ কাম শেষ কৰি নিশা 12 টা মান বজাত ঘৰলৈ আহি থাকোতে আধাবাটত হঠাতে মুষলধাৰ বৰষুণ আৰম্ভ হোৱাত সমীপতে থকা ঠকঠকী পাৰা গাঁৱৰ ছমছেৰ আলীৰ ঘৰত সোমায় | মাজ নিশা বৃদ্ধ গৰাকীক ঘৰৰ চোতালত দেখা পাই সোপাধৰা বুলি চিঞৰ বাখৰ আৰম্ভ কৰে ৷

বৃদ্ধ জনৰ পৰিয়ালৰ লোকে খবৰ পাই পুৱতি নিশা বৃদ্ধ জনক গাঁওখনৰ পৰা উদ্ধাৰ কৰি বিলাসীপাৰা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে | অন্ধবিশ্বাসৰ বলি হোৱা বৃদ্ধ জনে বুকু পিঠিত বেয়া কৈ আঘাত প্ৰাপ্ত হোৱাৰ লগতে বাঁওভৰি আৰু সোঁ হাত খন ভাঙি যোৱা বুলি জানিব পৰা গৈছে | সম্প্ৰতি অতি দৰিদ্ৰ পৰিয়ালৰ বৃদ্ধজন সংকটজনক অৱস্থাত আছে |
অন্ধবিশ্বাসী এই সকল পাষণ্ডক আইনৰ আওতালৈ আনি কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সচেতন ৰাইজে |

Last Updated : May 2, 2019, 10:28 AM IST

ABOUT THE AUTHOR

...view details