ধুবুৰী, 1 আগষ্ট:ধুবুৰীত দিন দুপৰতে ৰাজহুৱা স্থানৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকা ৷ জিলাখনত নিয়মিত হাৰত চুৰিকাণ্ডৰ ঘটনা বৃদ্ধি পাই অহা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে । সোমবাৰে পুনৰ চোৰে এখন মটৰ চাইকেলত সংযোজিত বাকচৰ পৰা কৌশলেৰে 9.50 লাখ টকা লুটি নিয়া ঘটনা সংঘটিত হয় । চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে যদিও চোৰটোক চিনাক্ত কৰিব পৰা নাই সংশ্লিষ্ট আৰক্ষীয়ে ।
তথ্য অনুসৰি, ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাষানীৰ চৰ গাঁৱৰ ছয়বৰ আলী নামৰ প্ৰতিষ্ঠিত ব্যৱসায়ীজনে 31 জুলাই সোমবাৰৰ আবেলি প্ৰায় 4 বজাত ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী কালিবাৰী শাখাৰ পৰা চেকযোগে 9 লাখ 50 হেজাৰ টকা উলিয়াই । টকাৰ বেগটো নিজৰ মটৰ চাইকেলৰ বাকচত ভৰায় থৈ ধুবুৰীৰ বিদ্যাপাৰাত থকা এখন হোটেলত ভাত খাবলৈ যায় । ইয়াৰ পিচতে হোটেলখনৰ সন্মুখত ৰাখি থোৱা মটৰ চাইকেলৰ বাকচটো ভাঙি কৌশলেৰে 9.50 লাখ টকা লৈ উধাও হয় চোৰটো । পিচত ভুক্তভোগী লোকজনে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।