অসম

assam

ETV Bharat / state

খহনীয়া ৰোধৰ বাবে ওলাই আহিল আইৰমাৰী গাঁওবাসী - চম্পাৱতী নৈৰ খহনীয়া

চৰকাৰ কিম্বা জনপ্ৰতিনিধিলৈ ৰৈ নাথাকি হাতে-হাতে দা-কুঠাৰ লৈ খহনীয়া ৰোধৰ বাবে ওলাই আহিল আইৰমাৰী গাঁওবাসী ৰাইজ ৷

খহনীয়া ৰোধৰ বাবে ওলাই আহিল আইৰমাৰী গাঁওবাসী
খহনীয়া ৰোধৰ বাবে ওলাই আহিল আইৰমাৰী গাঁওবাসী

By

Published : Dec 8, 2020, 1:31 PM IST

বিলাসীপাৰা, 8 ডিচেম্বৰ:বিপদজনক ৰূপ ধাৰণ কৰিছে চম্পাৱতী নৈৰ খহনীয়াই ৷ খহনীয়াৰ ফলত নিশ্চিহ্ন হোৱাৰ দিশে এটা পথ ৷ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চগাঁও পাহাৰতলীত খহনীয়াৰ বাবে নিচিহ্ন হোৱাৰ দিশে গতি কৰিছে আইৰমাৰী গাঁৱৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ ৷

খহনীয়া ৰোধৰ বাবে ওলাই আহিল আইৰমাৰী গাঁওবাসী

উক্ত পথটোৰে আইৰমাৰী, মেস্কাঝাৰ, বৰাইবাৰী, মইনাগিৰি, কঠালগুৰী আদিকে ধৰি ৮-১০ খন গাঁৱৰ ৰাইজে অব্যাহত ৰাখিছে যাতায়াত ৷ কিন্তু সম্প্ৰতি খহনীয়াৰ গ্ৰাসত পৰিছে শতাধিক ৰাইজৰ যাতায়াতৰ মাধ্যম পথটো ৷ এই বিষয়ে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন জনাইয়ো ৰাইজে পোৱা নাই কোনো ধৰণৰ সুফল ৷ যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষলৈ বাট চাই বহি নাথাকি হাতে-হাতে দা, কুঠাৰ, বাঁহ আদি লৈ খহনীয়া ৰোধৰ বাবে ওলাই আহিল স্থানীয় ৰাইজ ৷ তেওঁলোকৰ হুংকাৰ, আগন্তুক নিৰ্বাচনলৈ যদি তেওঁলোকৰ এই সমস্যাৰ সমাধান নহয় তেন্তে ভোট বৰ্জনৰ দৰে সিন্ধান্ত গ্ৰহণ কৰিব ৰাইজে ৷

লগতে পঢ়ক:জৰাজীৰ্ণ বিদ্যালয়গৃহত কেনেদৰে হ'ব পাঠদান...

ABOUT THE AUTHOR

...view details