অসম

assam

By

Published : Apr 5, 2019, 12:09 AM IST

Updated : Apr 5, 2019, 1:33 AM IST

ETV Bharat / state

হাতত 30 হাজাৰ টকা লৈ ধুবুৰী সমষ্টিত নিৰ্বাচনত নামিল 26 বছৰীয়া যুৱক

সাংসদ বদৰুদ্দিন আজমলৰ বিগত 10 বছৰৰ শাসনকালৰ অতিষ্ঠ হৈ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিলে ২৬ বছৰীয়া শুকুৰ আলী নামৰ যুৱকজনে ৷

নিৰ্বাচনত নামিল 26 বছৰীয়া যুৱক

ধুবুৰী, 4 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত ধুবুৰীত পৰিলক্ষিত হ'ল এগৰাকী ব্যাতিক্ৰমী প্ৰাৰ্থী ৷ শুকুৰ আলী ওৰফে মিলন নামৰ এজন যুৱকে বদৰুদ্দিল আজমলৰ বিৰুদ্ধে ক্ষোভিত হৈ বৃহস্পতিবাৰে দাখিল কৰিলে মনোনয়ন ৷ সাংসদ বদৰুদ্দিন আজমলৰ বিগত 10 বছৰৰ শাসনকালৰ অতিষ্ঠ হৈ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিলে ২৬ বছৰীয়া শুকুৰ আলী নামৰ যুৱকজনে ৷ হাতত কেৱল ৩০ হেজাৰ টকা লৈ ১০টা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাব বুলিও দাবী কৰিছে শুকুৰ আলীয়ে ৷

drop media here..

উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয়ৰূপে সাংসদ হোৱাৰ সপোন ৰচা এই যুৱকজনৰ ঘৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৰ মদাতী গাঁৱত ৷ দিন হাজিৰা কৰি অৰ্জা ধনৰে দুখনকৈ বাঁহৰ দলং নিৰ্মাণ কৰি ৰাইজক সকাহ দিয়াৰ সুখ্যাতি আছে শুকুৰ আলীৰ ৷

Last Updated : Apr 5, 2019, 1:33 AM IST

ABOUT THE AUTHOR

...view details