পশ্চিম বিলাসীপাৰা, ৩ আগষ্ট :দেশত কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত আছে । বিগত বছৰৰ পৰাই কৰ'ণাই দেশৰ অৰ্থনীতিত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলোৱা দেখা গৈছে । কেৱল এয়াই নহয় বহুতে চাকৰি হেৰুৱাইছে । বহুতৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈছে । কিন্তু তেনে সময়তে দেশজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে (Price hike) চিন্তিত কৰিছে সাধাৰণ ৰাইজক ৷
বিশেষকৈ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে । যাৰ বাবে পেট্ৰ'লজাত সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বিভিন্ন দল সংগঠনে প্ৰতিবাদ (Protest) অব্যাহত ৰাখিছে । অসমৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাতো দেখা গ'ল প্ৰতিবাদ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰী জিলা ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গান্ধী চ'কত মানৱ শৃংখল (Human Chain) কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠন দুটাৰ বহু সংখ্যক নেতা কৰ্মীয়ে বিলাসীপাৰাৰ গান্ধী চ'কত মূল পথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।