অসম

assam

ETV Bharat / state

Journalist Protest in Dhubri:সাংবাদিক আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত ধুবুৰীত প্ৰতিবাদ - Guwahati Press Club

সাংবাদিক আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাংবাদিকৰ ৷ ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত ক’লা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট সাংবাদিকৰ ৷ শুকুৰবাৰে নিশা শংকৰ পাটোৱাৰী নামৰ ব্যক্তিৰ নেতৃত্বত এদল লোকে কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰিছিল ৷

Journalist Protest in Dhubri
সাংবাদিক আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত ধুবুৰীত প্ৰতিবাদ

By

Published : Jul 8, 2023, 10:48 PM IST

সাংবাদিক আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত ধুবুৰীত প্ৰতিবাদ

ধুবুৰী,8 জুলাই:ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় মহলাত বিয়াৰ অনুষ্ঠানৰ বাবে ভাড়া দিয়া বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধুবুৰী জিলাত । শুকুৰবাৰে নিশা চৰকাৰী কাৰ্যালয়ত চলি থকা বিয়াৰ অনুষ্ঠানৰ সম্পৰ্কত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক একাংশৰ লোকে দলবদ্ধ বাবে আক্ৰমণ কৰে ৷ সংবাদকৰ্মী আক্ৰমণকৰীক গ্ৰেপ্তাৰৰ দাবীত ধুবুৰী প্ৰেছ ক্লাৱৰ উদ্যোগত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকে ৷ সাংবাদিকৰ ন্যায়ৰ দাবীত ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত ক’লা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰে সাংবাদিকে ৷

উল্লেখ্য যে ধুবুৰী জিলা পৰিষদৰ সন্মুখৰ এজন ব্যৱসায়ীৰ পুত্ৰৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ বাবে ৬ জুলাইৰ পৰা ৭ জুলাইলৈ দুদিনৰ বাবে ভাড়ালৈ দিয়া হৈছিল ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় মহলা । সেইমতে শুকুৰবাৰে নিশাও ধুবুৰী জিলা পৰিষদৰ প্ৰথম মহলা আৰু দ্বিতীয় মহলাত অতিথি আপ্যায়নৰ অনুষ্ঠান চলি আছিল ।

এটা চৰকাৰী কাৰ্যালয়ত বিয়াৰ অনুষ্ঠান চলি থকাৰ খবৰ পাই ধুবুৰীৰ একাংশ সাংবাদিকে বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হয় ৷ সাংবাদিকে চৰকাৰী কাৰ্যালয়ত বিয়াৰ অনুষ্ঠানৰ দৃশ্য সংগ্ৰহ কৰি থকাৰ সময়তে এদল লোকে আক্ৰমণ কৰে সাংবাদিকক ৷ বিজেপি দলৰ এজন কৰ্মী বুলি দাবী কৰা শংকৰ পাটোৱাৰী নামৰ ব্যক্তিৰ নেতৃত্বত এদল লোকে সাংবাদিকসকলক আক্ৰমণ কৰে ৷ ফলত ফটো সাংবাদিক সন্তোষ ৰায় আহত হয়। লগতে সংবাদকৰ্মীজনৰ হাতত থকা কেমেৰাও ভাঙি পেলায় আক্ৰমণকাৰী দলটোৱে।

সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিক ৰাজীৱ শৰ্মাই ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে। অৱশ্যে বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

লগতে পঢ়ক:Dhubri OC suspended: মহিলাক ৰ্দুব্যৱহাৰ কৰি নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

ABOUT THE AUTHOR

...view details