ধুবুৰী, 6 নৱেম্বৰ : দক্ষিণ শালমাৰা মানকাচাৰ জিলাত সাংবাদিকক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । মানকাচাৰৰ চাটিভূইত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অবৈধ কাঠফলা মিলৰ মালিকে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ।
দীৰ্ঘ দিনৰ পৰা বন বিভাগৰ ছত্ৰ-ছায়াত অবৈধ কাঠফলা মিলৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগৰ উত্থাপন হৈ আহিছিল ৷ সচেতন মহলৰ দাবীৰ ভিত্তিত জিলাখনৰ সাংবাদিকৰ দল এটা বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল চাটিভূই এলেকাত । তেনে সময়ত সাংবাদিকৰ দলটোক অবৈধ কাঠফলা মিলৰ গৰাকী কালাম সেখ নামৰ লোক জনে বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰে ।