অসম

assam

ETV Bharat / state

চাপৰত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ জনসাধাৰণ

পূৱ বিলাসীপাৰাৰ চাপৰত ডাম্পাৰৰ দৌৰাত্ম্য ৷ সকলো জনাৰ পিছতো কাণসাৰ নাই জিলা পৰিবহণ বিষয়া, চক্ৰ বিষয়াৰ লগতে বন বিভাগৰ ৷ উপায়ন্তৰহীন হৈ আছাই কৰিলে পথ অৱৰোধ ৷

By

Published : Jan 5, 2021, 11:58 AM IST

illegal dumper ride in sapor dhubri assam etv bharat news
চাপৰত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ জন সাধাৰণ

পূৱ বিলাসীপাৰা,5 জানুৱাৰী:দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ চাপৰত চলি আছে ডাম্পাৰৰ অবাধ দৌৰাত্ম্যৰ লগতে ৰঙা মাটিৰ অবৈধ ব্যৱসায় ৷ ধুবুৰীৰ লগতে কোকৰাঝাৰতো চলিছে ৰঙা মাটিৰ অবৈধ ব্যৱসায় ৷ এই অভিযোগ উত্থাপন কৰিছে আছাৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, চাপৰ ৰাজহ চক্ৰত ৰে’লপথ নিৰ্মাণৰ নামত দিনে-নিশাই চলিছে অতিৰিক্ত ভাৰবাহী ডাম্পাৰৰ আধিপত্য ৷

আছাৰ পথ অৱৰোধ

কোকৰাঝাৰৰ বিভিন্ন স্থানৰ পৰা ৰঙা মাটি খনন কৰি চাপৰৰ চাহ বাগিচাৰ মাজেৰে অবাধ গতিত চলি আহিছে ডাম্পাৰসমূহ ৷ বাগিচা অঞ্চলৰ ৰাইজ তথা শিশুৰ জীৱনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ পূৰ্বে বহুবাৰ জিলা প্ৰশাসনৰ লগতে বন বিভাগক এই বিষয়ে অৱগত কৰা স্বত্বেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অৱশেষত মঙলবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই পথ অৱৰোধ কৰি এই কাৰ্যৰ বিৰোধিতা কৰে ৷ লগতে শীঘ্ৰে এই ডাম্পাৰ সমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে চাওকঃ7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন

ABOUT THE AUTHOR

...view details