অসম

assam

ETV Bharat / state

ধুবুৰীৰ আধাৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি ধুবুৰীৰ ডুমৰদহ গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি ৷ আধাৰ অপাৰেটৰ আৰু পঞ্চায়তৰ কৰ্মচাৰীক গেটত তলা লগাই আৱদ্ধ কৰিলে ৰাইজে ৷

Hungama at aadhar centre dhubri assam etv bharat news
আধাৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

By

Published : Nov 26, 2020, 4:10 PM IST

ধুবুৰী,26 নৱেম্বৰ:ৰাজ্যত আধাৰ কাৰ্ডৰ নামত বৃহৎ ছিণ্ডিকেট চলাৰ অভিযোগ উত্থাপিত হৈছে ৷ বুধবাৰে ধুবুৰীৰ ডুমৰদহ গাঁও পঞ্চায়তত এই বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ উত্তেজিত ৰাইজে পঞ্চায়ত কাৰ্যালয়টোৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ প্ৰায় সংখ্যক গাঁও পঞ্চায়তৰ আধাৰ কেন্দ্ৰ সমূহত সংঘটিত হৈ অহা দুৰ্নীতিৰ অভিযোগ নতুন বিষয় নহয় ৷ ৰাইজৰ অভিযোগ অনুসৰি কেন্দ্ৰ সমূহৰ অপাৰেটৰসকলে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ সৈতে মিলিত হৈ আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰি আহিছে ৷ ৱাৰ্ড সদস্যসকলে ধন সংগ্ৰহ কৰি তৈয়াৰ কৰা তালিকা অনুসৰিহে অপাৰেটৰসকলে আধাৰ কাৰ্ড তৈয়াৰ কৰে ৷

আধাৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

প্ৰাপ্ত অভিযোগ অনুসৰি, ডুমৰদহ গাঁও পঞ্চায়তত জীতেন ৰায়ে ৩০০-৫০০ টকাকৈ সংগ্ৰহ কৰি আগতীয়াকৈ আধাৰ কাৰ্ড তৈয়াৰ কৰে ৷ তদুপৰি ধন নিদিয়া ৰাইজক দাবী-ধমকি দিয়াৰো অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে ৷ যাৰ ফলত বিপাঙত পৰিছে সৰ্ব সাধাৰণ লোক ৷ ৱাৰ্ড সদস্য আৰু অপাৰেটৰৰ এনে ভূমিকাত অতিষ্ঠ হৈ স্থানীয় ৰাইজে বৃহস্পতিবাৰে পঞ্চায়ত কাৰ্যালয়টো ঘেৰাও কৰি আচবাবসমূহ লণ্ড-ভণ্ড কৰে ৷ তদুপৰি আধাৰ কাৰ্ড তৈয়াৰ কৰা অপাৰেটৰক এই বিষয়ে প্ৰশ্ন সোধাত দায়সৰা মন্তব্যৰে বিষয়টোৰ পৰা ফালৰি কাটে ৷

আধাৰ অপাৰেটৰৰ দায় সৰা মন্তব্য

লগতে চাওকঃভাৰতৰ কৰ’ণা আক্ৰান্ত ৰাজ্যৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details