ধুবুৰী, 16 এপ্ৰিলঃ ধুবুৰীৰ ষ্টেটিক চাৰ্ভিলেঞ্চ টিমৰ ধাৰাবাহিক অভিযানত উদ্ধাৰ হৈছে লাখ লাখ টকা । নিৰ্বাচনৰ পূৰ্বে একপ্ৰকাৰ টকাৰ উজান উঠিছে ধুবুৰীত ।
ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ধন - ধন
আজি নিশাৰ ভাগত ধুবুৰী চহৰৰ ঝাগৰাৰ পাৰ তিনিআলিত ধুবুৰী চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ জয় শৰ্মাৰ উপস্থিতিত ষ্টেটিক চাৰ্ভিলেন্সৰ এটা বিশেষ দলে আৰক্ষীৰ সহযোগত এখন বাহনত অভিযান চলাই জব্দ কৰে টকাখিনি ।
ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ধন
আজি পুনৰ নিয়মীয়া অভিযানত উদ্ধাৰ 11 লাখ 80 হাজাৰ টকা । উল্লেখ্য যে, আজি নিশাৰ ভাগত ধুবুৰী চহৰৰ ঝাগৰাৰ পাৰ তিনিআলিত ধুবুৰী চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ জয় শৰ্মাৰ উপস্থিতিত ষ্টেটিক চাৰ্ভিলেন্সৰ এটা বিশেষ দলে আৰক্ষীৰ সহযোগত এখন বাহনত অভিযান চলাই জব্দ কৰে টকাখিনি । ইতিমধ্যে জব্দকৃত ধনখিনক লৈ তদন্ত অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষী আৰু জিলা প্ৰশাসনে । টকাখিনি ধুবুৰীৰ গৌৰীপুৰৰ সঞ্জয় কুমাৰ গুপ্তা নামৰ এজন ব্যৱসায়ীৰ বুলি জনায় কাৰ্যবাহী দণ্ডাধীশ শৰ্মাই ।