অসম

assam

ETV Bharat / state

পৰপুৰুষৰে সম্পৰ্ক! বিলাসীপাৰাত আইন হাতত তুলি ল'লে গাওঁবাসীয়ে

আইনক অৱমাননা একাংশ গাঁওবাসীৰ ৷ আনৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি বীৰত্ব দেখুৱালে একাংশ গাওঁবাসীয়ে ৷

স্বয়ম্ভু আইন ৰক্ষকৰ ৰূপত একাংশ গাঁওবাসী

By

Published : Jul 1, 2019, 11:18 PM IST

বিলাসীপাৰা, 1 জুলাই : বিলাসীপাৰাৰ ৰাণীগঞ্জ বৰুৱাপাৰাত উত্তেজনাময় পৰিস্থিতি ৷ একাংশ উন্মত্ত ৰাইজে হাতত তুলি ললে আইন ৷ অভিযোগ অনুসৰি, সোমবাৰে অঞ্চলটোৰ এগৰাকী মহিলাক নিজ গৃহতেই মহেন্দ্ৰ নাথ নামৰ এগৰাকী পুৰুষৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰক লৈ সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ ৷ মহিলা-পুৰুষজনক একেলগে উদ্ধাৰ কৰাই নহয়, আইন হাতত তুলি উত্তেজিত ৰাইজে দুয়োকে উত্তম মাধ্যম শোধাই গতাই দিয়ে আৰক্ষীক ৷ ইপিনে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে একাংশ দালালৰ সহযোগত অবৈধ কামত লিপ্ত পুৰুষ-মহিলা হালক এৰি দিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগো উত্থাপন কৰে স্থানীয় ৰাইজে ৷

স্বয়ম্ভু আইন ৰক্ষকৰ ৰূপত একাংশ গাঁওবাসী

মহিলাগৰাকীৰ স্বামীয়ে কৰ্মসূত্ৰে বহি:ৰাজ্যত যোৱাৰ সুযোগ লৈ মহেন্দ্ৰ নাথ মহিলাগৰাকীৰ ঘৰত আহিছিল বুলিও অভিযোগ তোলে ৰাইজে ৷ সেইয়া যি নহওক কিয় , এতিয়া প্ৰশ্ন হয়, যি সময়ত বিবাহ বহিঃভূত সম্পৰ্ক কিম্বা মানুহৰ গোপনীয়তা ৰক্ষাৰ ওপৰত আইনীয়েও প্ৰদান কৰিছে সেউজ সংকেত তেনে সময়ত একাংশ উন্মত্ত ক'ত অধিকাৰ পালে এনেদৰে আনৰ ঘৰত প্ৰৱেশ কৰি মাৰপিট কৰাৰ ৷

ABOUT THE AUTHOR

...view details