অসম

assam

ETV Bharat / state

শিলিগুৰিৰ পৰা হাইজেক হোৱা ট্ৰাক উদ্ধাৰ বগৰীবাৰীত

পশ্চিমবংগৰ শিলিগুৰিৰ পৰা হাইজেক হোৱা মালবাহী ট্ৰাক উদ্ধাৰ হ’ল বিটিআৰৰ বগৰীবাৰীত । সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ ।

By

Published : May 27, 2021, 2:36 PM IST

hijacked-truck-of-west-bengal-found
শিলিগুৰিৰ পৰা হাইজেক হোৱা ট্ৰাক উদ্ধাৰ বগৰীবাৰীত

ধুবুৰী,27 মে’:মাত্ৰ কেইদিনমানৰ পূৰ্বে ধুবুৰীৰ পৰা হাইজেক হোৱা ভাৰতীয় খাদ্য নিগমৰ চাউলসহ এখন ট্ৰাক উদ্ধাৰ হৈছিল বিটিআৰৰ বগৰীবাৰীৰ পাণবাৰীত । ইয়াৰ পিছতেই বুধবাৰে পুনৰ বগৰীবাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে WB 53 C 3491 নম্বৰৰ আন এখন ট্ৰাক । দৰাচলতে পশ্চিমবংগৰ কলকাতাৰ দুৰ্গাপুৰৰ পৰা প্ৰায় 12 লক্ষাধিক টকাৰ ৰড ভৰ্তি কৰি বৰপেটালৈ যাত্ৰা কৰিছিল ট্ৰাকখনে ।

শিলিগুৰিৰ পৰা হাইজেক হোৱা ট্ৰাক উদ্ধাৰ বগৰীবাৰীত

কিন্তু শিলিগুৰিৰ পৰা হাইজেক হয় ৰড ভৰ্তি ট্ৰাকখন । পৰৱৰ্তী সময়ত ট্ৰাকৰ গৰাকীয়ে ট্ৰাকৰ জিপিআৰএছ ট্ৰেক কৰি ট্ৰাকখন অনুসৰণ কৰিছিল । অৱশ্যে সেই কথাৰ উমান পাই ট্ৰাক হাইজেক চক্ৰটোৱে ট্ৰাকখন এৰি পলাই যায় । পিছত বগৰীবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে ট্ৰাকখন । ইপিনে ট্ৰাকখনত প্ৰায় ১২ লক্ষাধিক টকাৰ ৰড আছিল যদিও কেৱল খালী ট্ৰাকখনহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

জানিব পৰা মতে, অচেতন অৱস্থাত উদ্ধাৰ হোৱা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক জলপাইগুৰি আৰক্ষী থানাত জেৰা কৰি থকা হৈছে যদিও সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ।

লগতে পঢ়ক :মহামায়া বনাঞ্চলত বিৰল প্ৰজাতিৰ শগুণ উদ্ধাৰ

ABOUT THE AUTHOR

...view details