অসম

assam

ETV Bharat / state

এটি অসহায় দম্পতী মৰ্মান্তিক জীৱন যাত্ৰা ! - দুৰাৰোগ্য ৰোগত আক্ৰান্ত

এহাল অসহায় আৰ্থিকভাৱে দুৰ্বল দম্পতী ৷ বিগত তিনি বছৰে কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে স্বামী ৷ চিকিৎসাটো দূৰৰে কথা, দুবেলাৰ দুসাঁজ যুগুতাবলৈয়ো অপাৰগ পত্নী ৷ কাৰোবাৰ অকণমান সহায় হাঁহি বিৰিঙাব পাৰে দম্পতীহালৰ মুখত ৷

এহাল অসহায় দম্পতী
এহাল অসহায় দম্পতী

By

Published : Jul 29, 2020, 2:21 PM IST

বিলাসীপাৰা, 29 জুলাই:দীৰ্ঘদিনে কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শয্যাগত অৱস্থাত পৰি ৰৈছে মোনশ্বব আলী ৷ ৰোগীয়া স্বামীক লৈ এতিয়া অসহায় অৱস্থাত পত্নী ৷ বিলাসীপাৰা মহকুমাৰ টোকৰাবান্ধা গাঁৱৰ বাসিন্দা মোনশ্বব আলীয়ে শ্ৰমিক হিচাপে কাম কৰি চলাই নিছিল পৰিয়ালটো ৷ কিন্তু তিনি বছৰ পূৰ্বে কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি বিচনাক সংগী কৰি লৈছে দুৰ্ভগীয়া মোনশ্বব আলীয়ে ৷

কাৰোবাৰ এধানি সহায়ৰ আশাত এহাল অসহায় দম্পতী

এফালে লক্ ডাউন আনফালে বান আৰু তাৰ মাজতে শয্যাগত স্বামীক লৈ এতিয়া দুৰ্বিষহ দিন কটাবলগীয়া হৈছে মোনশ্বব আলীৰ পত্নীয়ে ৷ স্বামীৰ চিকিৎসাটো দূৰৰে কথা ৷ দুবেলা দুমুঠিৰ যোগাৰ কৰিবলৈয়ো বৰ্তমান অসমৰ্থ অসহায় পত্নী ৷ উল্লেখ্য যে, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ লোক সকলৰ বাবে চৰকাৰে ভিন্ন সময়ত ভিন্ন আঁচনি হাতত লৈছে যদিও, আজি পৰ্যন্ত চৰকাৰৰ কোনো এখন আঁচনিয়েই ঢুকি নাপালে এই অসহায় পৰিয়ালটোক ৷ যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে এতিয়া স্থানীয় লোকেও বিচাৰিছে কাৰোবাৰ কিছু সহায় হাত ৷ কোনো সদাশয় লোকে এই পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ভাৰতীয় ষ্টেট বেংক বিলাসীপাৰা শাখাৰ বেংক একাউণ্ট নম্বৰ, 35645078328 IFSC:SBIN0002028 ত কিছু আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে ৷ নাইবা 9678835730 নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰে তেওঁলোকৰ সৈতে ৷ ইতিমধ্যে সংবাদ মাধ্যমযোগে এই পৰিয়ালটোক সহায়ৰ বাবে স্থানীয় জন প্ৰতিনিধিক আহ্বান জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক:বৰপেটাৰ চেঙাত খাদ্যত বিষক্ৰিয়া,অসুস্থ 50 ৰো অধিক

ABOUT THE AUTHOR

...view details