অসম

assam

By

Published : Apr 4, 2021, 5:28 PM IST

Updated : Apr 4, 2021, 6:33 PM IST

ETV Bharat / state

দিছপুৰত হিমন্ত আউট হ'ব,হাগ্ৰামা ইন হ'ব:হাগ্ৰামা মহিলাৰী

ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে তৃতীয় পৰ্য়ায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ এফালে যদি মহাজোঁটবন্ধনক উদ্দেশ্যি তীব্ৰ বাক্যবাণেৰে থকা-সৰকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনফালে আকৌ বিজেপি মিত্ৰজোঁটক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ মহাজোঁটৰ ৷ তাৰমাজতে আকৰ্ষণীয় হৈ পৰিছে হিমন্ত-হাগ্ৰামাৰ যুঁজ ৷ শনিবাৰে ধুবুৰীৰ গৌৰীপুৰত মহাজোঁটৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৈয়ে দিলে 2মে'ৰ পিছত দিছপুৰত হিমন্ত আউট হ'ব আৰু হাগ্ৰামা মহিলাৰী ইন হ'ব ৷

hagrama-mahilary-election-campaign
দিছপুৰত হিমন্ত আউট হ'ব,হাগ্ৰামা ইন হ'ব:হাগ্ৰামা মহিলাৰী

ধুবুৰী, 4মাৰ্চ:ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে তৃতীয় পৰ্য়ায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ এফালে যদি মহাজোঁটবন্ধনক উদ্দেশ্যি তীব্ৰ বাক্যবাণেৰে থকা-সৰকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনফালে আকৌ বিজেপি মিত্ৰজোঁটক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ মহাজোঁটৰ ৷ তাৰমাজতে আকৰ্ষণীয় হৈ পৰিছে হিমন্ত-হাগ্ৰামাৰ যুঁজ ৷

শনিবাৰে ধুবুৰীৰ গৌৰীপুৰত মহাজোঁটৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৈয়ে দিলে 2মে'ৰ পিছত দিছপুৰত হিমন্ত আউট হ'ব আৰু হাগ্ৰামা মহিলাৰী ইন হ'ব ৷

দিছপুৰত হিমন্ত আউট হ'ব,হাগ্ৰামা ইন হ'ব:হাগ্ৰামা মহিলাৰী

আনকি মিত্ৰজোঁটৰ পৰাজয়ৰ আশংকাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ বাৰে বাৰে অসমলৈ আহি আছে বুলি মন্তব্য কৰি তেওঁলোক 100বাৰ অসমলৈ আহিলেও তেওঁলোকৰ পৰাজয় নিশ্চিত্ব বুলি কয় হাগ্ৰামাই ৷ ইপিনে মাদ্ৰাছা সন্দৰ্ভতো হাগ্ৰামাই ক'লে মাদ্ৰাছা সমূহ হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰি দিছে কিন্তু কংগ্ৰেছ মহাজোঁটবন্ধন চৰকাৰ আহিলে সকলোবোৰ মাদ্ৰাছাই খুলি দিয়া হ'ব ৷

তদুপৰি বিটিচিত পুনৰ বিপিএফৰ চৰকাৰ হ'ব বুলি কৈ অহা 2মে'লৈকেহে ইউপিপিএলৰ আয়ুস আছে বুলিও কয় হাগ্ৰামাই ৷ কিমান সঁচা হ'ব হাগ্ৰামাৰ ভৱিষ্যৎবাণী ? দিছপুৰত গঠন হ'বনে মহাজোঁটৰ চৰকাৰ ? সকলোৰে দৃষ্টি নিবদ্ধ এতিয়া অহা 2 মে'ত ৷

লগতে পঢ়ক:গুৱাহাটীৰ চাৰি সমষ্টিত সুৰাৰ বন্যা

Last Updated : Apr 4, 2021, 6:33 PM IST

ABOUT THE AUTHOR

...view details