অসম

assam

By

Published : Sep 28, 2019, 5:30 PM IST

ETV Bharat / state

ৰৌমাৰীত উদ্ধাৰ কেঁকো সাপঃ 2 আটক

পশ্চিম বংগৰ চাহিদুল ইছলাম আৰু ধুবুৰীৰ আজিজুল হক নামৰ যুৱক দুজনে বিক্ৰীৰ বাবে চাপৰৰ ৰৌমাৰীস্থিত পে'ট্ৰল পাম্পৰ ওচৰত উপস্থিত হৈছিল

ৰৌমাৰীত উদ্ধাৰ কেঁকো সাপঃ 2 আটক

ধুবুৰী, 28 ছেপ্টেম্বৰঃ ধুবুৰীৰ ৰৌমাৰীত উদ্ধাৰ দুষ্প্ৰাপ্য কেঁকো সাপ ৷ কেঁকোসাপ সহ আটক দুজন অসাধু ব্যৱসায়ী ৷ ব্যৱসায়ী দুজনে বিক্ৰীৰ বাবে সাপ দুডাল লৈ আহি থকা অৱস্থাতে আটক কৰে চাপৰ আৰক্ষীয়ে। পশ্চিম বংগৰ চাহিদুল ইছলাম আৰু ধুবুৰীৰ আজিজুল হক নামৰ যুৱক দুজনে বিক্ৰীৰ বাবে চাপৰৰ ৰৌমাৰীস্থিত পে'ট্ৰল পাম্পৰ ওচৰত উপস্থিত হৈছিল। তেনে সময়তে গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কেঁকোসাপসহ যুৱক দুজনক আটক কৰে। উদ্ধাৰ হোৱা কেঁকো সাপডালৰ অৱস্থা সংকটজনক হোৱাত আৰক্ষীয়ে বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত চমজাই দিয়ে।

ৰৌমাৰীত উদ্ধাৰ কেঁকো সাপঃ 2 আটক

ABOUT THE AUTHOR

...view details