অসম

assam

ETV Bharat / state

ধুবুৰীত বালি মাফিয়াৰ দপদপনি - ট্ৰেক্টৰ

ধুবুৰীত অব্যাহত আছে বালি মাফিয়াৰ দপদপনি । বন বিভাগৰ আশীৰ্বাদত অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ বালি খনন কৰি ছিণ্ডিকেট চক্ৰই চলাইছে ৰমৰমীয়া ক’লা বেহা । এই অভিযোগ দীৰ্ঘদিনীয়া ৷

ধুবুৰীত বালি মাফিয়াৰ দপদপনি
ধুবুৰীত বালি মাফিয়াৰ দপদপনি

By

Published : Mar 10, 2021, 6:07 PM IST

ধুবুৰী,10 মাৰ্চঃধুবুৰীত চলিছে বালি মাফিয়া ছিণ্ডিকেট চক্ৰৰ ৰাজত্ব । দীৰ্ঘদিনে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বিভিন্ন স্থানৰ পৰা বালি মাফিয়া ছিণ্ডিকেট চক্ৰই চলাই গৈছে বালি খনন কাৰ্য । একাংশ বালি মাফিয়াই অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ বুকুত বালি মহল বহুৱাই দিনে নিশাই চলাই গৈছে খনন কাৰ্য । প্ৰতিদিনে কমেও সহস্ৰাধিক ট্ৰেক্টৰৰ জৰিয়তে বালি খনন কৰি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ধুবুৰীৰ বিভিন্ন স্থানত । ইয়াৰে একাংশ ট্ৰেক্টৰৰ নাই নম্বৰ প্লেট, নাই কোনো নথিপত্ৰ ।

আনহাতে প্ৰতিদিনে নামমাত্ৰ এখন চালান ব্যৱহাৰ কৰি চালান ফাঁকিৰে প্ৰতিখন ট্ৰেক্টৰে দহবাৰকৈ ট্ৰেক্টৰেৰে বালি সৰবৰাহ কৰি গৈছে । ফলত চৰকাৰে প্ৰতিদিনে হেজাৰ হেজাৰ টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে । যদিওঁ এইক্ষেত্ৰত সম্পূৰ্ণ ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি আহিছে জিলা বন বিভাগ, পৰিবহণ বিভাগ আৰু আৰক্ষী তথা জিলা প্ৰশাসনে । মাজে-সময়ে আৰক্ষীয়ে দুই-এখন ট্ৰেক্টৰ জব্দ কৰি বাঃ বাঃ লৈছে যদিও চকুমুদা কুলিৰ ভাও ধৰিছে আছে জিলা বন বিভাগে ।

ধুবুৰীত বালি মাফিয়াৰ দপদপনি

ধুবুৰী কলেজ নগৰ আৰক্ষীয়ে অভিযান চলাই দুখনকৈ নম্বৰ প্লেটবিহীন আৰু নথিপত্ৰ বিহীন ট্ৰেক্টৰ জব্দ কৰি বন বিভাগক গতাই দিছে বুলি জানিব পৰা গৈছে । ইপিনে নিদ্ৰাৰত পৰিবহণ বিভাগে ট্ৰেক্টৰ দুখন জব্দ কৰি নিজৰ দায়িত্ব পালন কৰি গৈছে বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছে ধুবুৰী পৰিবহণ বিভাগৰ এনফ’ৰ্চমেণ্ট বিষয়া আৰিফুল ইছলামে ৷

ধুবুৰীত বালি মাফিয়াৰ দপদপনি

উল্লেখ্যযোগ্য যে, প্ৰতি মাহেকত চৰকাৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাইছে যদিও এইক্ষেত্ৰত আৰু কিমানদিন নীৰৱতা অৱলম্বন কৰিব চৰকাৰ জিলা প্ৰশাসনে ।

লগতে পঢ়কঃপাখি কটা গ’ল বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ

ABOUT THE AUTHOR

...view details