অসম

assam

ETV Bharat / state

শৌলমাৰীত বন বিভাগৰ অভিযানত ফলা শাল কাঠ জব্দ - ভূমি বেদখল

চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বুধবাৰে বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী শৌলমাৰীত বন বিভাগে চলালে অভিযান ৷ বন বিভাগৰ বিষয়া-কৰ্মীৰ উপস্থিতিৰ উমান পাই চোৰাং কাঠ ব্যৱসায়ীয়ে পেলাই থৈ গ’ল ফলা শাল কাঠ ৷

forest-department-finds-illegal-wood
শৌলমাৰীত বন বিভাগৰ অভিযানত ফলা শাল কাঠ জব্দ

By

Published : Jun 9, 2021, 2:20 PM IST

পশ্চিম বিলাসীপাৰা,9 জুন : সমগ্ৰ ৰাজ্যতে বন বিভাগে ভূমি বেদখল(illegal acquisition of land), জীৱদেহৰ চোৰাং সৰবৰাহ(animal trafficking), চোৰাং কাঠৰ ব্যৱসায়(dealing of illegal wood) আদি নিয়ন্ত্ৰণৰ বাবে তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলিছে তৎপৰতা ৷ ইটোৰ পিছত সিটো অভিযান কৰি বন বিভাগে প্ৰকাশ কৰিছে অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি ৷

শৌলমাৰীত বন বিভাগৰ অভিযানত ফলা শাল কাঠ জব্দ

একেদৰে বুধবাৰে বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী শৌলমাৰীত নিশা বন বিভাগে চলালে অভিযান ৷ বিটিআৰৰ কোকৰাঝাৰ জিলাৰ ডিপ্লাই আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়া-কৰ্মীৰ অভিযানত জব্দ হ’ল ফলা শাল কাঠ ৷ কাঠখিনি চোৰাং কাঠৰ বেপাৰীয়ে(illegal wood traders) দুখন ঠেলাৰে নি আছিল ৷ বন বিভাগৰ বিষয়া-কৰ্মীৰ উপস্থিতিৰ উমান পাই কাঠখিনি শৌলমাৰীৰ জলাশয় এটাৰ পানীত পেলাই থৈ পলায়ন কৰে ৷ জব্দহোৱা কাঠখিনি পিছত বন বিভাগে ডিপ্লাই কাৰ্যালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক :আছুৰ নামত ভাবুকিৰ অভিযোগত সংগঠনৰ পৰা বহিস্কৃত সদস্য

ABOUT THE AUTHOR

...view details