ধুবুৰী, 6 অক্টোবৰ :16 ছেপ্টেম্বৰত 5 জনীয়া এটা দলে ধুবুৰী 'বয়েজ ক্লাৱ'ত কাছ হত্যা কৰি কাছৰ মাংস ভগাই থাকোতে সাংবাদিকে খবৰ পাই খবৰ দিছিল বন বিভাগক । বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছিল প্ৰায় 15 কিলো ওজনৰ কাছৰ মাংসখিনি ।
মাংসখিনি জব্দ কৰে যদিওঁ পলাই যাবলৈ সক্ষম হয় দুৰ্বৃত্তৰ দলটো । কাছ কাটি থকাৰ চাঞ্চল্যকৰ ভিডিঅ' আৱদ্ধ হৈছিল সাংবাদিকৰ কেমেৰাত । সেই ভিডিঅ'ৰ ভিত্তিত বন বিভাগে প্ৰায় দুই সপ্তাহ পিছতD6 2020 নম্বৰত গোচৰ ৰুজু কৰি অভিযুক্ত সকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ।