পশ্চিম বিলাসীপাৰা,27জুনঃ বিগত কেইবা দিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু গৌৰাং নৈৰ জলস্তৰ ফেনে ফুটুকাৰে উফন্দি উঠিছে ৷ ফলত পশ্চিম বিলাসীপাৰা মহকুমাৰ বিস্তীৰ্ণ অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । নদী দুখনৰ বাঢ়নী পানীৰ কৱলত বিলাসীপাৰা চহৰৰ ৯, ১০ আৰু ১১ নম্বৰ ৱাৰ্ডৰ লগতে, কাজাইকাটা, চুৱাপাতা হাতীপোতা, কাঠালদি, আদিকে ধৰি প্ৰায় 20 খনৰো অধিক গাওঁ বাঢ়নি পানীত বুৰ গৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়, চি আৰ পি এফৰ শিৱিৰ লগতে শ শ পৰিয়ালৰ বাসগৃহ ৷
ইফালে, মহকুমাটোৰ বগৰীবাৰীৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় খনো পানীত ডুব যোৱাৰ লগতে পথৰ উপৰেদি পানী বাগৰি যোৱাৰ ফলত যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰিছে ৷ উল্লেখ্য যে, বানাক্ৰান্ত লোক সকলৰ বাবে সম্প্ৰতি একমাত্ৰ আশ্ৰয়স্থলী হৈ পৰিছে ওখ ঠাই তথা মথাউৰী সমূহ । বছৰৰ প্ৰথমটো বানে ভাবুকি কঢ়িয়াই আনিছে মহকুমাটোৰ বিস্তৃণ অঞ্চলৰ বনাক্ৰান্তৰ লগতে পোহনীয়া জীৱ-জন্তু লৈ । এফালে মহামাৰী ক‘ৰণাৰ বিভীষিকা আনফালে বাঢ়নী পানীয়ে দিহশাৰা কৰি তুলিছে বানাক্ৰান্তক ৷ নিৰাপদ ঠাইৰ আশ্ৰয় বিচাৰি আৰু বনাক্ৰান্তই বিশুদ্ধ খোৱা পানীৰ কাৰণেও হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলটোত। ইপিনে বানত ককবকাই থকা লোক সকলক বাবে চৰকাৰে শীঘ্ৰে অস্থায়ী আশ্ৰয় শিৱিৰৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰিবলৈ দাবী জনাইছে ।