ধুবুৰী,18মে':লক ডাউনৰ ফলত এতিয়া ধুবুৰী জিলাৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰি মনৰ দুখত কান্দি কান্দি শ শ কৃষকে আজি পেলাই দিলে শ শ মোনা ভেণ্ডি পাচলি।এই ঘটনা সংঘটিত হৈছে জিলাখনৰ গৌৰীপুৰৰ মাটিয়াবাগ (চাৰযোগীপাৰা ) গাঁওত।গাঁৱখনৰ প্ৰায় ২০০ গৰাকী কৃষকে প্ৰতি বছৰে উৎপাদন কৰি আহিছে ভেণ্ডি পাচলি।এইবেলিও গাওঁখনৰ কৃষক সকলে প্ৰায় তিনিশ বিঘা ভেণ্ডিৰ খেতি কৰিছিল।কিন্তু উৎপাদিত এই পাচলি বিক্ৰী কৰিব নোৱাৰিলে খেতিয়কসকলে।কাৰণ লক ডাউনৰ বাবে স্থানীয় আৰু বহিঃৰাজ্যৰ বেপাৰী সকল আহিব পৰা নাই অঞ্চলটোত।যাৰ বাবে প্ৰতি কিলোগ্ৰাম ভেণ্ডি ৫০পইচাৰ পৰা ১টকালৈকে পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছিল কৃষক সকলে।উল্লেখযোগ্য যে,ইয়াৰ সৰহসংখ্যক কৃষকে বন্ধন বেংক আৰু স্থানীয় লোকৰ পৰা ঋণত টকা লৈ ভেণ্ডিৰ খেতি কৰিছিল।কিন্তু লক ডাউনৰ বাবে এতিয়া স্বপ্ন ভংগ হ'ব লগা হ'ল দৰিদ্ৰ কৃষকৰ ।যাৰ পৰিপ্ৰেক্ষিতত আজি ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন চাৰযুগি পাৰা পথত পেলাই দিলে শ শ মোনা ভেণ্ডি ৷
লক ডাউনৰ ফলত ধুবুৰীত কৃষকৰ মাজত হাহাকাৰ - কৃষক
প্ৰতি কিলোগ্ৰাম ভেণ্ডি ৫০পইচাৰ পৰা ১টকালৈকে পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছিল কৃষক সকলে।উল্লেখযোগ্য যে,ইয়াৰ সৰহসংখ্যক কৃষকে বন্ধন বেংক আৰু স্থানীয় লোকৰ পৰা ঋণত টকা লৈ ভেণ্ডিৰ খেতি কৰিছিল।কিন্তু লক ডাউনৰ বাবে এতিয়া স্বপ্ন ভংগ হ'ব লগা হ'ল দৰিদ্ৰ কৃষকৰ ।
আনহাতে,লক ডাউন আৰম্ভ হোৱাৰ পৰা ধুবুৰী সদৰ চহৰত নাগৰিকৰ ঘৰে ঘৰে পাচলি যোগানৰ বাবে জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছিল ধুবুৰী নিউ মাৰ্কেটৰ এজন পাচলি ব্যৱসায়ীক।যাৰ বাবে ব্যৱসায়ীগৰাকীয়ে পোনে পোনে কৃষকৰ উৎপাদিত পাচলি ক্ৰয় কৰাৰ বাবেও অনুমতি লাভ কৰিছিল।কিন্তু পাচলি ব্যৱসায়ীজনে ছিণ্ডিকেট গঢ়ি তুলি ধুবুৰীৰ পৰাই এচাম দালালৰ পৰাই কম দামত পাচলি ক্ৰয় কৰাৰো অভিযোগ উত্থাপন কৰিছে কৃষকসকলে ৷ ইপিনে গাঁওখনৰ একাংশ কৃষকে জিলা কৃষি বিষয়া কাৰ্যালয়ত এই সংক্ৰান্তত অৱগত কৰিছিল যদিও বিভাগটোৱে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে কৃষক ৰাইজে।
লগতে পঢ়কঃদিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ