অসম

assam

লক্ ডাউন : কৃষকৰ আশাত চেঁচাপানী !

By

Published : Apr 5, 2020, 1:50 PM IST

ভাৰতবৰ্ষ জুৰি চলি থকা লগ ডাউনৰ সময়ত তামাৰহাটত অৰ্ধ শতাধিক তৰমুজ খেতিয়কৰ হাহাকাৰ অৱস্থা হৈছে ৷ সময়ত তৰমুজ বিক্ৰী কৰিব নোৱাৰাত খেতিতেই পচিবলৈ লৈছে উৎপাদিত তৰমুজ ৷ কৃষি বিভাগৰ পৰাও কোনো সহায় নোপোৱাৰ অভিযোগ কৃষকসকলৰ ৷

farmers are facing problem
farmers are facing problem

ধুবুৰী, 5 এপ্ৰিল :মৰুভূমি সদৃশ বালি চৰত অশেষ চেষ্টা আৰু পৰিশ্ৰমৰ বিনিময়ত তৰমুজৰ খেতি কৰা হয় । ঋণ লৈ কৰা সহস্ৰাধিক বিঘা খেতিৰ তৰমুজ বিক্ৰী কৰিব নোৱাৰাত ক্ষুদ্ৰ কৃষকে মূৰে-কপালে হাত দিছে তমাৰহাটত । ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত গংগাধৰ নদীৰ বালি চৰত একাংশ দুখীয়া ভূমিহীন খেতিয়কে তৰমুজ খেতি কৰি পৰিয়াল পোহপাল দি আহিছে। এইসকল ক্ষুদ্ৰ খেতিয়কৰ বেছি ভাগৰে নিজা মাটি নথকাত ঋণ লৈ বালি চৰত কঠোৰ পৰিশ্ৰম কৰি তৰমুজ খেতি কৰে ।

খেতিতে পচিছে শ শ বিঘা তৰমুজ

কপালৰ ঘাম মাটিত পেলাই কৃষি কৰ্মত ব্যস্ত হৈ থাকে এইসকল খেতিয়ক । তৰমুজ খেতি কৰিবলৈ বিঘাই প্ৰতি প্ৰায় 10/12 হেজাৰ টকা খৰচ হয় যদিও খেতি ভাল হ'লে 30/35 হাজাৰ টকালৈকে ফচল বিক্ৰী কৰিব পাৰে । এইদৰে খেতি কৰিয়েই ল'ৰা-ছোৱালীক পঢ়া-শুনা কৰোৱা আৰু নিজৰ পৰিয়ালৰ পোহপাল দি আহিছে কৃষক সকলে।

কৃষকৰ আশাত চেঁচাপানী পেলাইছে লক্ ডাউনে

প্ৰতিবছৰৰ দৰে এইবেলিও বহু খেতিয়কে তৰমুজৰ খেতি কৰিছিল ৷ এতিয়া তৰমুজ বিক্ৰী কৰাৰ সময় । কিন্তু মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা ২১ দিনীয়া লক্ ডাউনৰ ফলত হাট-বজাৰ বন্ধ থকাত তৰমুজ বিক্ৰী কৰিব পৰা নাই ক্ষুদ্ৰ কৃষক সকলে । ফলত গছত লাগি থকা তৰমুজ বোৰ পূৰঠ হৈ ক্ৰমে পচিবলৈ ধৰিছে । বন্ধন বেংক বা মানুহৰ পৰা ঋণ লৈ খেতি কৰা এই সকল ক্ষুদ্ৰ কৃষকে ফচল বিক্ৰী কৰিব নোৱাৰি মূৰে-কপালে হাত দিব লগা হৈছে । উপায়হীন হৈ চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ক্ষুদ্ৰ কৃষক সকলে ৷

লগতে পঢ়ক :ICU ত তলা ! উপযুক্ত সময়ত চিকিৎসা নাপাই মৃত্যু মহিলাৰ

ABOUT THE AUTHOR

...view details