অসম

assam

ETV Bharat / state

Road accident in dhubri: ৰক্তাক্ত শৰীৰেৰে মেট্ৰিক পৰীক্ষাত বহিল পৰীক্ষাৰ্থী - মেট্ৰিক পৰীক্ষা

ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in dhubri) ৷ ই-ৰিক্সা আৰু চাৰি চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত কথমপি প্ৰাণৰক্ষা 5 পৰীক্ষাৰ্থীৰ ৷ ৰক্তাক্ত শৰীৰেৰেই পৰীক্ষাত বহিল 5 গৰাকীকৈ আহত ছাত্ৰ-ছাত্ৰী (5 student injured)৷

examinee-sits-for-matric-examination-with-bloodied-body
ৰক্তাক্ত শৰীৰেৰে মেট্ৰিক পৰীক্ষাত বহিল পৰীক্ষাৰ্থী

By

Published : Mar 30, 2023, 10:57 PM IST

ৰক্তাক্ত শৰীৰেৰে মেট্ৰিক পৰীক্ষাত বহিল পৰীক্ষাৰ্থী

ধুবুৰী, ৩০ মাৰ্চ:ৰাজ্যজুৰি যোৱা ৩ মাৰ্চৰ পৰা অনুষ্ঠিত হৈ আছে মেট্ৰিক পৰীক্ষা ৷ দুবৰাকৈ দুটা বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিচতো বহু ঘাট প্ৰতিঘাটৰ মাজেৰে পৰীক্ষা অব্যাহত হৈ আছে ৷ আজি আছে সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ৷ ইয়াৰ মাজতেই ধুবুৰীত বৃহস্পতিবাৰে পুৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ সংঘটিত হয় (Road accident in Dhubri) ৷ ৰক্তাক্ত শৰীৰেৰে মেট্ৰিক পৰীক্ষাত বহিল পাঁচজনকৈ পৰীক্ষাৰ্থী (5 student injured)৷

তথ্য অনুসৰি ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীৰ অন্তৰ্গত আই জি ৰোডত এখন ই ৰিক্সা আৰু এখন চাৰি চকীয়া বাহনৰ মাজত সংঘৰ্ষ হয় ৷ এ এছ ০১ই এফ ৪৭৩২ নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনে বিপৰীত দিশৰ পৰা অহা এখন ই-ৰিক্সাক তীব্ৰ বেগেৰে খুন্দিয়ায় ৷ ফলত ই-ৰিক্সাসহ পথৰ দাঁতিত বাগৰি পৰে পাঁচগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী।

ইয়াৰে দুগৰকী পৰীক্ষাৰ্থী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত পৰীক্ষাৰ্থী দুগৰাকী ৱাছিম আক্ৰাম আৰু জেনিফা খাতুন বুলি জানিব পৰা গৈছে। ইপিনে সামান্যভাৱে আহত হোৱা আন তিনিগৰাকী পৰীক্ষাৰ্থী পোনে পোনে পৰীক্ষা কেন্দ্ৰলৈ গৈ পৰীক্ষাত অৱতীৰ্ণ হয় । সম্প্ৰতি গুৰুতৰভাৱে আহত দুই পৰীক্ষাৰ্থীয়ে ধুবুৰী মেডিকেল কলেজ হাস্পতালত প্ৰাথমিক চিকিৎসা সম্পন্ন হোৱাৰ পিছত পৰীক্ষাত অৱতীৰ্ণ হয়(Examinee sits with bloodied body )।

পৰীক্ষাৰ পিছত গুৰুতৰভাৱে আহত দুই পৰীক্ষাৰ্থীক চিকিৎসকৰ পৰামৰ্শ মতে উন্নত চিকিৎসাৰ বাবে পুনৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়। জানিব পৰা মতে, ধুবুৰী বিদ্যাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ্থী আছিল আটাইকেইজন পৰীক্ষাৰ্থী। উক্ত পথ দুৰ্ঘটনাৰ ফলত ই-ৰিক্সাচালক গৰাকীও গুৰুতৰভাৱে আহত হৈছে ৷

ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীখন থৈ ঘটনাস্থলীৰ পৰা পলাই যায় চালকজন । তাৰ পিচতেই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত যান বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত বাহনখন উদ্ধাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । স্থানীয় লোকে অভিযোগ কৰা অনুসৰি বাহনৰ চালকজন নিচাসক্ত অৱস্থাত আছিল ।

লগতে পঢ়ক:Ganja Seized at Lahorijan: বুজন পৰিমাণৰ গাঞ্জাসহ তিনিটা সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details