ধুবুৰী, 13 জুনঃ ধুবুৰীত এটিএমৰ পৰাই কৌশলৰে এটিএম লুটিলে দুৰ্বৃত্তই ৷ আব্দুল কাদেৰ নামৰ লোকজনে দহ জুনৰ দিনা ধুবুৰীৰ এটা এটিএমত প্ৰৱেশ কৰি নিজৰ একাউন্টৰ পৰা উলিয়াইছিল প্ৰায় ডেৰ লাখ টকা৷ পিছে কোনো অচিনাক্ত লোকে কাদেৰৰ বেগৰ পৰা কৌশলেৰে চুৰি কৰি নিয়ে এছ বি আই এটিএম কাৰ্ড খন । আনহাতে তেওঁৰ বেগত আন এখন এটিএম কাৰ্ড সুমুৱাই দিয়ে দুৰ্বৃত্তই । ইফালে উক্ত এটিএমৰ পৰা প্ৰথমতে ৮৯,৭৩৩ আৰু দ্বিতীয় বাৰ ৫৩,৫০০ টকা ধুবুৰীৰ গোলকগঞ্জৰ সিজু ৰাণী ৰায় নামৰ এগৰাকী মহিলাৰ একাউন্টত ট্ৰেন্সফাৰ কৰা হয় ।
ধুবুৰীত এটিএম লুটিলে দুৰ্বৃত্তই - আব্দুল কাদেৰ
এটিএমৰ ভিতৰৰ পৰাই কৌশলেৰে এটিএম চুৰি কৰি নি একাউন্টৰ পৰা চোৰে লুটিলে প্ৰায় ডেৰ লাখ টকা । ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ভুক্তভোগীৰ
ধুবুৰীত এটিএম লুটিলে দুৰ্বৃত্তই
আনহাতে পশ্চিম বংগৰ বিভিন্ন শ্বপিং মলত বজাৰ কৰি কাদেৰৰ একাউন্টৰ পৰা মুঠ ১ লাখ ৪৩ হাজাৰ ২৩৩ টকা আদায় কৰে দুৰ্বৃত্তই । ভুক্তভোগী কাদেৰে বেংকৰ পৰা সকলো তথ্য সংগ্ৰহ কৰাৰ পিছত ধুবুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।উল্লেখযোগ্য যে, এগৰাকী মহিলাৰ একাউন্টত টকা খিনি ট্ৰেন্সফাৰ কৰা হৈছে বুলি বেংকৰ তথ্যত প্ৰকাশ হৈছে যদিও আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷