অসম

assam

ETV Bharat / state

গৌৰীপুৰত খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি - ধুবুৰী

প্ৰায় দহ লাখ টকীয়া আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ তুলি ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিল গৌৰীপুৰৰ সাধাৰণ ৰাইজ ৷

গৌৰীপুৰত খহনীয়া প্ৰতিৰোধৰ নামত দুৰ্নীতি !

By

Published : May 17, 2019, 11:42 AM IST

ধুবুৰী, 17 মে': গৌৰীপুৰ দেৱীতলা উন্নয়ন খণ্ডৰ অন্তৰ্গত শ্যাম চৰণেৰ কুটিৰ পৰা সাজুৱাৰ কুটি গাঁৱলৈকে গদাধৰ নৈৰ গঢ়া খহনীয়াই যোৱা বৰ্ষত প্ৰায় বিচ্ছিন্ন কৰিছিল দুয়োখন গাঁৱৰ যাতায়ত ব্যৱস্থা ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই এম জি এনৰেগা আঁচনিৰ জৰিয়তে ২০১৮-১৯ বৰ্ষত মোকোলাই দিয়ে ৯ লাখ ৫৩ হাজাৰ ৭১৯ টকা ৷ এই কামৰ ঠিকা লাভ কৰে উত্তম সাহা নামৰ ঠিকাদাৰ এজনে ৷ তেঁও স্থানীয় উপ ঠিকাদাৰ এজনৰ জৰিয়তে এই বাঁহৰ পাৰকুপাইনৰ কাম সম্পূৰ্ণ কৰে । কিন্তু দহ লাখ টকীয়া এই আঁচনি ৰূপায়ণৰ নামত ঠিকাদাৰ গৰাকীয়ে বিভাগীয় বিষয়া তথা অভিযন্তাক মেনেজ কৰি নামমাত্ৰ বাঁহ পুতিয়েই দায়িত্ব সামৰিছে বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ আন একাংশৰ মতে প্ৰায় এক লাখ টকাৰ কাম কৰি বাকী থকা ধন সমূলে আত্মসাৎ কৰিছে বিষয়া অভিযন্তা আৰু ঠিকাদাৰে ৷ যাৰ ফলত এতিয়া প্ৰতিবাদমুখী হৈ উঠিছে গৌৰীপুৰবাসী ৷ লগতে এই ক্ষেত্ৰত উচিত তদন্তৰ দাবী জনাই আঁচনি মতেই কাম কৰাৰ দাবী জনাইছে প্ৰতিবাদী ৰাইজে।

গৌৰীপুৰত খহনীয়া প্ৰতিৰোধৰ নামত দুৰ্নীতি !

ABOUT THE AUTHOR

...view details