অসম

assam

ETV Bharat / state

শক্তি বিভাগৰ মৰণ ফান্দ : ছিগা বিদ্যুৎ পৰিবাহী তাঁৰে প্ৰাণ ল'লে তিনিজনৰ - ইউছৱ আলী শেখ

ধুবুৰীৰ গোলকগঞ্জৰ ভয়ংকৰ অঘটন । ধান খেতিত ছিঙি পৰি থকা বিদ্যুৎপৰিবাহী তাৰে প্ৰাণ ল'লে পিতৃ কন্যা আৰু জোঁৱাই সহ তিনিজনৰ । ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি গোলকগঞ্জত ।

গোলকগঞ্জ শক্তি বিভাগৰ গাফলতি, প্ৰাণ গ'ল 3 জনৰ

By

Published : Oct 3, 2019, 11:56 PM IST

Updated : Oct 4, 2019, 11:52 AM IST

ধুবুৰী, গোলকগঞ্জ, অক্টোবৰ 3 : মৰণ ফান্দৰূপী শক্তি বিভাগে প্ৰাণ ল'লে দুটা পৰিয়ালৰ তিনিজনকৈ লোকৰ । ধান খেতিত পৰি থকা বিদ্যুৎপৰিবাহী তাঁৰে প্ৰথমে প্ৰাণ ল'লে জোঁৱাইৰ । তাৰ পিছতেই জোঁৱাইক বিচাৰি যোৱা শহুৰৰ লগতে পত্নীয়েও প্ৰাণ হেৰুৱালে ধাননি পথাৰত ।

গোলকগঞ্জ শক্তি বিভাগৰ গাফলতি, প্ৰাণ গ'ল 3 জনৰ

তথ্য অনুসৰি, গোলকগঞ্জৰ ৰতিয়াহদহ অঞ্চলৰ ইউছৱ আলী শেখ নামৰ লোকজনে নিজৰ ধান খেতিত এন্দুৰ মৰা ঔষধ দিবলৈ গৈছিল বিয়লি প্ৰায় তিনি বজাত । কিন্তু নিশা সাত বজালৈ ঘৰলৈ উভতি নহাত পত্নী বাছাতন বিবিয়ে আন্ধাৰৰ মাজতেই পিতৃ বাদশা আলী মণ্ডলক লগত লৈ ধাননি খেতিত বিচাৰি যায় স্বামী ইউছৱ আলীক । এনেতে পানীৰে উপচি থকা ধান খেতিত ইউছৱ আলী পৰি থকা প্ৰত্যক্ষ কৰে । লগে লগে পিতৃ কন্যাই মিলি ইউছৱ আলীক উদ্ধাৰ কৰিবলৈ যায় যদিও লগে লগে দুয়ো পিতৃ কন্যাই বিদ্যুৎস্পৃষ্ট হৈ অচেতন হৈ পৰে । পাছত বিদ্যুৎ সংযোগ কৰ্তন কৰি স্থানীয় ৰাইজে তিনিওকে উদ্ধাৰ কৰি জোঁৱাই ইউসৱ আলী মৃত্যু হোৱা বুলি নিশ্চিত হয় । আনহাতে আহত দুই পিতৃ কন্যাক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োকে মৃত্যু হোৱা বুলি ঘোষণা কৰে ।

আনহাতে, ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে । উত্তেজিত ৰাইজে টাইবান্ধত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত
কৰি তোলে ৷ প্ৰায় দুঘন্টা ধৰি পথৰোধ কৰাৰ পাছত ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে |

Last Updated : Oct 4, 2019, 11:52 AM IST

ABOUT THE AUTHOR

...view details