অসম

assam

ETV Bharat / state

ধুবুৰীত এ.আই.ইউ.ডি.এফৰ নিৰ্বাচনী প্ৰচাৰ সভা

ধুবুৰীত এ.আই.ইউ.ডি.এফে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি মুছলমানৰ শত্ৰু বুলি আখ্যা কৰে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাক

ধুবুৰীত এ.আই.ইউ.ডি.এফৰ নিৰ্বাচনী প্ৰচাৰ সভা

By

Published : Apr 13, 2019, 10:07 AM IST

ধুবুৰী,13 এপ্ৰিলঃ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ পিছতে নামনি অসমৰ ধুবুৰী লোকসভা সমষ্টিত চলিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । শুক্ৰবাৰে বিলাসীপাৰাত এ.আই.ইউ.ডি.এফে আয়োজন কৰে এখন নিৰ্বাচনী প্ৰচাৰ সভা । সভাত অংশগ্ৰহণ কৰে ধুবুৰীৰ বিধায়ক নজৰুল ইছলাম, দলীয় নেতা আদিত্য লাংথাছাকে আদি কৰি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল । সভাত উপস্থিত হৈ নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাক মুছলমানৰ শত্ৰু আখ্যা দিয়ে ৷ বিজেপি চৰকাৰে মুছলমান লোকসকলক বেয়া পায়, নামাজক -কোৰাণ আৰু মহজিদ বেয়া পায় বুলি মন্তব্য কৰে আজমলে । ইয়াৰোপৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত গোপন মিত্ৰতাৰ থকা কথাও নিজ মুখে স্বীকাৰ কৰে আজমলে ।

ধুবুৰীত এ.আই.ইউ.ডি.এফৰ নিৰ্বাচনী প্ৰচাৰ সভা

আনহাতে, কংগ্ৰেছে জনসাধৰণক বিশ্বাসঘাতকতা কৰি আহিছে বুলি উল্লেখ কৰি তৰুণ গগৈক তীব্ৰভাৱে সমালোচনা কৰে আজমলে ৷ লগতে আবু তাহেৰ বেপাৰীক কংগ্ৰেছ ত্যাগ কৰি ইউ ডি এফ দলত যোগদান কৰিবলৈ আহ্বান জনায় । ইফালে ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়ক নজৰুল ইছলামে মোমাইতকৈ ভাগিন ডাঙৰ নহয় বুলি মন্তব্য কৰি এ.আই.ডি.এফৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details