অসম

assam

ETV Bharat / state

ভোটগণনা কেন্দ্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব ম'বাইল - ETV BHARAT

দুই বজাৰ পৰা আঢ়ৈ বজাৰ ভিতৰত ইভিএমৰ ভোট গণনা সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰাৰ বিপৰীতে প্ৰতিটো বিধানসভাৰ পাঁচটাকৈ ভিভিপেডৰ ভোট গণনা সম্পন্ন হোৱাৰ পিছত নিশা প্ৰায় আঠ বজাৰ পৰা ন বজাৰ ভিতৰত চূড়ান্ত ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা ব্যক্ত কৰি তিনি খলপীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ভোট গণনা অনুষ্ঠিত হব বুলিও উল্লেখ কৰে জিলা নিৰ্বাচনী বিষয়া জিন্টু বৰাই। আনহাতে ভোট গণনা কেন্দ্ৰৰ ভিতৰ ভাগত কেৱল নিৰ্বাচনী পৰ্যবেক্ষকৰ বাহিৰে কোনো বিষয়া বা সংবাদ মাধ্যমে মোবাইল লৈ প্ৰৱেশ কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে।

DHUBURI COUNTING ROOM

By

Published : May 21, 2019, 3:31 PM IST

Updated : May 21, 2019, 7:35 PM IST

ধুবুৰী , 21 মে' : তেইশ মে'লৈ মাজত মাথো এটা দিন বাকী। এনে সময়তে ধুবুৰী লোকসভা সমষ্টিৰ ভোটগণনাক লৈ ব্যস্ততা বাঢ়িছে ধুবুৰী প্ৰশাসনৰ।

উল্লেখ্য ধুবুৰী লোকসভা সমষ্টিৰ দহটাকৈ বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ'ব চাৰিটাকৈ স্থানত৷ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ ষ্ট্ৰং ৰূম হৈছে ধুবুৰী পুথিভঁৰাল প্ৰেক্ষাগৃহ, বিলাসীপাৰা পূৱ আৰু বিলাসীপাৰা পশ্চিম এই দুটা বিধানসভা সমষ্টিৰ ষ্ট্ৰং ৰূম হৈছে বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্য্যালয়৷ আনহাতে গোৱালপাৰা পূৱ, গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ সমষ্টিৰ ষ্ট্ৰং ৰূম হৈছে পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দক্ষিণ শালমাৰা আৰু মানকাচৰ বিধানসভা সমষ্টি দুটাৰ ষ্ট্ৰং ৰূম হৈছে হাটচিঙিমাৰী প্ৰেক্ষাগৃহত৷ উল্লেখিত চাৰিটাকৈ ষ্ট্ৰং ৰূমত থকা ইভিএম মেচিন সমূহৰ ভোট গণনা ২৩ মেৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হব। ভোট গণনাৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন কৰি তোলাৰ বিপৰীতে আজি ধুবুৰী জিলা উপায়ুক্ত তথা ধুবুৰী লোকসভাৰ ৰিটাৰ্ণিং বিষয়া অনন্তলাল জ্ঞানী, সহকাৰী ৰিটাৰ্ণিং বিষয়া তথা অতিৰিক্ত উপায়ুক্ত অনিমেশ তালুকদাৰ আৰু জিলা নিৰ্বাচনী বিষয়া জিন্টু বৰাকে ধৰি প্ৰশাসনিক বিষয়া সকলে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ ষ্ট্ৰং ৰূমত উপস্থিত হৈ ভোট গণনাৰ ট্ৰাইল টেষ্ট কৰি থকা বুলি জনায় জিলা নিৰ্বাচনী বিষয়াই।

ভোটগণনাক কেন্দ্ৰ কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা ধুবুৰীত

আনহাতে তেইশ মে'ৰ দিনৰ দুই বজাৰ পৰা আঢ়ৈ বজাৰ ভিতৰত ইভিএমৰ ভোট গণনা সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰাৰ বিপৰীতে প্ৰতিটো বিধান সভাৰ পাঁচটাকৈ ভিভিপেডৰ ভোট গণনা সম্পন্ন হোৱাৰ পিছত নিশা প্ৰায় আঠ বজাৰ পৰা ন বজাৰ ভিতৰত চূড়ান্ত ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা ব্যক্ত কৰি তিনি খলপীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ভোট গণনা অনুষ্ঠিত হব বুলিও উল্লেখ কৰে জিলা নিৰ্বাচনী বিষয়া জিন্টু বৰাই। আনহাতে ভোট গণনা কেন্দ্ৰৰ ভিতৰ ভাগত কেৱল নিৰ্বাচনী পৰ্যবেক্ষকৰ বাহিৰে কোনো বিষয়া বা সংবাদ মাধ্যমে মোবাইল লৈ প্ৰৱেশ কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে।

Last Updated : May 21, 2019, 7:35 PM IST

ABOUT THE AUTHOR

...view details