অসম

assam

ETV Bharat / state

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত আধাৰশিলা স্থাপন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ - Siddhartha Bhattacharya visit dhuburi

স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা পশ্চিম অসমৰ ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ প্ৰশংসাত পঞ্চমুখ শিক্ষামন্ত্ৰীগৰাকী। শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তনৰ কথা উল্লেখ কৰাৰ লগতে কৰ্মচ্যুত কৰা নহয় ৰন্ধনকৰ্মীক বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ ৷

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত আধাৰশিলা স্থাপন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ

By

Published : Nov 25, 2019, 7:33 PM IST

ধুবুৰী, 25 নৱেম্বৰ:পশ্চিম অসমৰ ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত সোমবাৰে উপস্থিত হৈ মহাবিদ্যালয়খনৰ চৌহদত এখন দুই মহলীয়া বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি নৱ-নিৰ্মিত এটা ভিডিঅ’ কনফাৰেন্স হ'ল আৰু এটা শৰীৰ চৰ্চা কক্ষৰ শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ মহাবিদ্যালয়খনত উপস্থিত হৈয়ে প্ৰশংসাত পঞ্চমুখ হৈ পৰে শিক্ষামন্ত্ৰীগৰাকী ।

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

স্বাধীনতাৰ এবছৰ পূৰ্বে ১৯৪৬ চনত পশ্চিম অসমৰ ধুবুৰী জিলাত স্থাপন কৰা হৈছিলধুবুৰী ভোলানাথ মহাবিদ্যালয়খন । ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে ভৰি দিয়ে ৰাজ্যৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত মহাবিদ্যালয়খনৰ লগতে অধ্যক্ষ আৰু প্ৰবক্তা সকলৰ শিক্ষকতা অৰ্হতাৰ প্ৰসংগ উপস্থাপন কৰি ভূয়সী প্ৰশংসা কৰে। ইপিনে স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা ভোলানাথ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ দাবী সংক্ৰান্তত চৰকাৰে সেইটো বিবেচনা কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

ইপিনে সংবাদ মাধ্যমৰ আগত অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন আহিছে বুলি কৈ ব্ৰিটিছ আৰু আমেৰিকাৰ দৰে শিক্ষা নহয় ইয়াত ভাৰতীয় শিক্ষা ব্যৱস্থা হ’ব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে ৰন্ধনকৰ্মী সকলৰ চাকৰি নাইকিয়া হ’ব অথবা ৰন্ধনকৰ্মী সকলক কৰ্মচ্যুত কৰা হ’ব বুলি যোৱা কিছুদিনৰ পৰা তীব্ৰ প্ৰতিবাদ হৈ অহাৰ সময়তে ৰন্ধনকৰ্মী সকলে যিদৰে আছে সেইদৰেই থাকিব বুলি কয় ৷ ৰন্ধনকৰ্মী সকলে কি কাৰণত আন্দোলন কৰিছে সেয়াই নাজানো বুলি প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। লগতে সংযোগী শিক্ষাকৰ্মী সকলে বিশেষ টেটৰ বাবে আন্দোলন কৰি অহা সংক্ৰান্তত মন্ত্ৰীগৰাকীয়ে কয়,সংযোগী শিক্ষাকৰ্মী সকল এটা আঁচনিৰ অধীনত আছিল। সাত বছৰ পিছত টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। কিন্তু তেওঁলোকৰ কাৰণে যদিও বিশেষ টেট পাতিব লাগে তেন্তে টেট পৰীক্ষা কেতিয়াও শেষ নহ’ব বুলি কয় শিক্ষামন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে,আজি শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক অশোক কুমাৰ সিংহী আৰুঅশ্বিনী ৰায় সৰকাৰৰ লগতে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানী উপস্থিত থাকে।

লগতে চাওক-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল লখিমপুৰৰ সন্তান

ABOUT THE AUTHOR

...view details