অসম

assam

ETV Bharat / state

ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় দ্ৰৱ্য - ধুবুৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা

লক ডাউনৰ সময়তো ধুবুৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা। ধুবুৰীৰ বালাজানত বাইকসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।

drugs-seized-at-dhubri
ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

By

Published : Jun 4, 2020, 3:35 PM IST

ধুবুৰী,4 জুনঃধুবুৰী জিলাৰ বালাজানত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধসহ এখন বাইক জব্দ কৰে সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শকে। ধুবুৰী জিলা পৰিবহন শাখাৰ সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰিফুল ইছলামৰ নেতৃত্বত এটা দলে অভিযান চলায় গোলকগঞ্জৰ বানীয়ামাৰী 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত।

ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় দ্ৰৱ্য

অভিযানকালত আৰক্ষীয়ে AS-17B-4272 নম্বৰৰ এখন বাইক ৰখাবলৈ নিৰ্দেশ দিয়ে । কিন্তু দুজন আৰোহী থকা বাইক খন তীব্ৰ গতিত ধুবুৰীৰ ফালে পলায়ন কৰে। পিছত বাইক খন খেদি খেদি ধৰে যদিও বাইক চালক দুজন পলাই যাবলৈ সক্ষম হয়। পিছত বাইক খন উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে। বাইক খনত থকা তিনিটাকৈ বেগৰ পৰা ড্ৰাগছজাতীয় RC-KUFF চিৰাফৰ 230 টা বটল আৰু PYEEVON SPAS PLUS ৰ 270টা নিচাজাতীয় কেপচুলৰ পেকেট উদ্ধাৰ কৰে।

পিছত বাইকসহ উদ্ধাৰ কৰা নিচাজাতীয় সামগ্ৰী খিনি স্থানীয় বালাজান আৰক্ষীচকীক চমজাই দিয়ে । ঘটনা সম্পৰ্কত এখন এজাহাৰো দাখিল কৰে যানবাহন পৰিবহন শাখাৰ সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰিফুল ইছলামে। এতিয়া বালাজান আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া কিদৰে চলায় সেয়াহে লক্ষণীয় বিষয়।
লগতে পঢ়কঃ মুম্বাইত ঘূৰ্ণীবতাহ নিসৰ্গৰ তাণ্ডৱঃ বহু অঞ্চলত বিস্তৰ ক্ষতিসাধন

ABOUT THE AUTHOR

...view details