অসম

assam

ETV Bharat / state

Illegal cattle trading: ব্ৰহ্মপুত্ৰৰ বুকুত গৰু মাফিয়ালৈ আৰক্ষীৰ গুলি - গুলীবিদ্ধ গৰু সৰবৰাহকাৰী

খৰালি ব্ৰহ্মপুত্ৰৰ বুকুত শুকাই যোৱাৰ সুযোগ গ্ৰহণ কৰি উন্মুক্ত সীমান্তৰে বাংলাদেশ সৰবৰাহ হৈছে জাকে জাকে পশুধন (Cattle trafficking from Assam to Bangladesh) । এনে সময়তে বৃহস্পতিবাৰে নিশা গোপন খবৰৰ ভিত্তিত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীয়ে চলালে অভিযান । গুলীবিদ্ধ হ’ল সৰবৰাহকাৰী ৷ সবিশেষ জানো আহক ৷

dhuburi-police-shot-cattle-mafia-in-indo-bangladesh-border
Illegal cattle trading: ব্ৰহ্মপুত্ৰৰ বুকুত গৰু মাফিয়ালৈ আৰক্ষীৰ গুলি

By

Published : Dec 10, 2021, 9:30 PM IST

ধুবুৰী, 10 ডিচেম্বৰ :ৰাজ্যত অব্যাহত আছে পশুধনৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰ(Illegal cattle trading by international racket ) । যি সময়ত ৰাজ্যৰ পৰিৱেশ গো-সংৰক্ষণ বিধেয়ক(Cattle preservation bill)ৰ প্ৰসংগই উত্তাল কৰি ৰাখিছে, সেই সময়তো চোৰাং গৰুৰ মাফিয়াই নিজৰ ৰম-ৰমীয়া ব্যৱসায় চলাই আছে ৷ এনে সময়তে, গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান । বৃহস্পতিবাৰে নিশা গোপন খবৰৰ ভিত্তিত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীয়ে চলালে অভিযান ।

কাহিলিপুৱা এখন নাৱত গৰু লৈ সৰবৰাহকাৰীয়ে বাংলাদেশলৈ লৈ যাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে(Police caught cattle mafia in Indo Bangladesh border) ৷ পিছে আৰক্ষীৰ বাধা নেওচি পলাই যাবলৈ চেষ্টা কৰে গো সৰবৰাহকাৰীৰ দলটোৱে । উপায়হীন হৈ আৰক্ষীয়ে দলটোলৈ লক্ষ্য কৰি গুলিচালনা কৰে(Cattle mafia shot by Dhuburi police)। আৰক্ষীৰ গুলীত গুলিবিদ্ধ হয় দুই সৰবৰাহকাৰী ।

Illegal cattle trading: ব্ৰহ্মপুত্ৰৰ বুকুত গৰু মাফিয়ালৈ আৰক্ষীৰ গুলি

গুলিবিদ্ধ হৈয়েই নাৱৰ পৰা জঁপিয়াই পলাই যায় সৰবৰাহকাৰীৰ দলটো । পিছত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিও সৰবৰাহকাৰীৰ সন্ধান নাপালে যদিও ১৪ টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইপিনে গুলিবিদ্ধ দুই সৰবৰাহকাৰীক পৰিয়ালৰ লোকে সংকট জনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয় ( Dhuburi civil hospital )ত ভৰ্তি কৰে ।

গুলিবিদ্ধ সৰবৰাহকাৰী দুজন ক্ৰমে দিলবৰ হুছেইন আৰু ৰফিক আলী । দুয়োকে চিকিৎসালয়ত ভৰ্তিৰ খবৰ পাই ধুবুৰী আৰক্ষীয়ে চিকিৎসালয়ত উপস্থিত হৈ দুয়োকে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখে । ইপিনে, স্থানীয় ৰাইজ তথা গুলিবিদ্ধ লোকৰ আত্মীয়ৰ মতে ঘৰৰ গৰু বিক্ৰীৰ বাবে জলেশ্বৰলৈ নিয়াৰ চেষ্টাহে কৰিছিল দুই অভিযুক্তই । উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় গো ছিণ্ডিকেট চক্ৰই অব্যাহত ৰাখিছে গৰুৰ চোৰাং কাৰবাৰ । খৰালিৰ দিনত ব্ৰহ্মপুত্ৰৰ বুকু শুকাই যোৱাৰ সুযোগ গ্ৰহণ কৰি উন্মুক্ত সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ হৈছে জাকে জাকে পশুধন (Cattle trafficking from Assam to Bangladesh) ।

লগতে পঢ়ক :BSF anti-drug campaign in Tripura: এটা দিনতে জব্দ প্ৰায় ১৭ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী

ABOUT THE AUTHOR

...view details